ষ্ট্ৰীট লাইট সংস্থাপনৰ নামত লুন্ঠন ঠিকাদাৰ ৰূপত কোন এই ছাত্ৰ নেতা..

ষ্ট্ৰীট লাইট সংস্থাপনৰ নামত লুন্ঠন ঠিকাদাৰ ৰূপত কোন এই ছাত্ৰ নেতা..

ডিজিটেল সংবাদ মৰিয়নিঃ মৰিয়নি সমষ্টিৰ ১২ নং লাহিং গাওঁ পঞ্চায়তত ষ্ট্ৰীট লাইত সংস্থাপনৰ নামত জনগোষ্ঠীয় এটা ছাত্ৰ সংগঠনৰ নেতাই আঁচনি ৰূপায়নৰ ঠিকা লৈ ব্যাপক হাৰত ধন লুণ্ঠন কৰাৰ ৰাজহুৱা অভিযোগ উত্থাপন হৈছে। জানিব পৰা মতে ২০১৬-২০১৭ বিত্তীয় বৰ্ষত চতুৰ্দশ বিত্তীয় আয়োগৰ অনুদানেৰে ১২নং লাহিং গাঁও পঞ্চায়তৰ ডালিম খনিকৰ পথত প্ৰায় ২ লাখ ১৮ হেজাৰ টকাৰে সৌৰ চালিত ষ্ট্ৰীট লাইত সেৱা প্ৰৱৰ্তন কৰা হৈছিল।

কিন্ত স্থানীয় ৰাইজে সাংবাদিকৰ আগত অভিযোগ কৰা মতে ষ্ট্ৰীট লাইটৰ আঁচনিখনৰ ঠিকা লাভ কৰিছিল আটছাৰ মৰিয়নি শাখাৰ এজন বিষয়ববীয়াই। কিন্ত চাহ বাগিছাৰ ৰাইজৰ অহা যোৱা পথত সুবিধাৰ বাবে প্ৰৰ্বত্তন কৰা সৌৰ চালিত ষ্ট্ৰীট লাইট আঁচনিৰ সিংহভাগ ধন আটছা নেতা জনৰ পকেটত সোমোৱা বাবেই পথটোত নজ্বলিল ষ্ট্ৰীট লাইট।আনহাতে আঁচনিৰ নিৰ্দেশনা অনুসৰি ষ্ট্ৰীট লাইতসমূহ সংস্থাপন নকৰাৰ লগতে যিকেইটা ষ্ট্ৰীট লাইট লগাইছিল সেইকেইটাও নিম্নমানৰ হোৱাৰ বাবে কেইদিন মানৰ পাছতে বিকল হৈ পৰে।

আনহাতে দীৰ্ঘদিন ধৰি বিকল ষ্ট্ৰীট লাইট সমুহ মেৰামতি নকৰাত দুস্কৃতিকাৰীয়ে লাইতসমূহ ভাঙি পেলোৱা লগতে ষ্ট্ৰীট লাইটৰ পৰিত্যক্ত সামগ্ৰী সমুহ চোৰে লৈ যায়। ইপিনে স্থানীয় ৰাইজে ঠিকাদাৰগৰাকীক বিকল ষ্ট্ৰীট লাইতসমূহৰ বিষয়ে অভিযোগ দিলে ওলোটাই নিজকে সংগঠনৰ নেতা বুলি জাহিৰ কৰি  অভিযোগকাৰীক ভয় ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপিত হৈছে। আনকি অভিযোগ দিবলে গলে ঠিকাদাৰৰূপী আটছানেতাগৰাকীয়ে ওলোটাই অভিযোগকাৰীকহে ষ্ট্ৰীট লাইতসমূহ চুৰি কৰা বুলি ভুৱা গোচৰ দিয়াৰ ভাবুকি দি আহিছে তথাকথিত এই নেতাগৰাকীয়ে।

ইপিনে নিজৰে জনগোষ্ঠীৰ উন্নয়নৰ ধন লুণ্ঠন চলোৱা এইগৰাকী নেতাৰ দুস্কাৰ্যক ৰাইজে ধিক্কাৰ দিয়াৰ লগতে সমগ্ৰ বিষয়টো তদন্তৰ দাবী জনাইছে। মনকৰিবলগীয়া যে বিজেপিৰ দখলত থকা ১২ নং লাহিং গাঁও পঞ্চায়তৰ সভাপতিগৰাকী আৰু পূব যোৰহাট উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া গৰাকীয়ে ঠিকাদাৰৰ ৰূপত অৱতীৰ্ণ আটছা নেতাগৰাকীক ৰক্ষণাবেক্ষন দিয়াৰ অভিযোগ উঠিছে।   

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in