‘চাহ শ্ৰমিকৰ কামৰ সময় বৃদ্ধিৰ নিৰ্দেশনা দিয়া নাই চৰকাৰে…’

‘চাহ শ্ৰমিকৰ কামৰ সময় বৃদ্ধিৰ নিৰ্দেশনা দিয়া নাই চৰকাৰে…’

ডিজিটেল সংবাদ মৰিয়নিঃ অসম চৰকাৰে চাহ শ্ৰমিকৰ শ্ৰমৰ সময় আঠ ঘন্টাৰ পৰা বাৰ ঘণ্টালৈ বৃদ্ধি কৰা নাই। অসম চাহ মজদুৰ সংঘই ভুৱা তথা অপ-প্ৰচাৰত লিপ্ত হৈ সহজ সৰল চাহ শ্ৰমিকক আন্দোলনত জড়িত কৰি বাগিছাৰ পৰিবেশ অস্থিৰ কৰিব বিচাৰিছে। এই অভিযোগ ভাৰতীয় জনতা পাৰ্টীৰ চাহ মৰ্চাৰ যোৰহাট জিলা সমিতিৰ।

যোৰহাট জিলা চাহ মৰ্চাৰ সভাপতি সঞ্জয় কৃষ্ণ তাঁ‌তীয়ে মৰিয়নিত এক সংবাদ মেল সম্বোধন কৰি অসম চাহ মজদুৰ সংঘক তীব্ৰ সমালোচনা কৰি কয় যে, কোবিড-১৯ মহামাৰিৰ সংকটৰ সময়ত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কাৰখানা আইনৰ অধীনত তিনি মাহৰ বাবে কামৰ সময় বাৰ ঘণ্টালৈ বৃদ্ধি কৰাৰ সন্দৰ্ভৰ জাৰি কৰা নিৰ্দেশনাত চাহ উদ্যোগ তথা চাহ শ্ৰমিকৰ কথা উল্লেখ নাই। উক্ত নিৰ্দেশনাত লকডাউনৰ সময়ত কাৰখানা সমূহত হোৱা ক্ষতি পূৰনৰ বাবে কাৰখানাত নিয়োজিত শ্ৰমিক আৰু মালিকৰ পাৰস্পৰিক বুজা-বুজিতকামৰ সময় বাৰ ঘণ্টালৈ বৃদ্ধি কৰিব পাৰিব।

মৰিয়নিত বিজেপিৰ চাহ মৰ্চাৰ সংবাদমেল

যদিও অতিৰিক্ত চাৰিঘণ্টা কামৰ মজুৰি শ্ৰমিকক আদায় দিব লাগিব বুলি স্পষ্ট ভাবে উল্লেখ কৰা আছে। কিন্ত অসম চাহ মজদুৰ সংঘই চৰকাৰৰ নিৰ্দেশনাক  ভালদৰে অধ্যয়ন নকৰাকৈ সম্পূৰ্ন ৰাজনৈতিক উদ্দেশ্য প্ৰনোদিত ভাবে চাহ বাগিচা সমূহত ২২ মে তাৰিখে আন্দোলনৰ কায্যসূচী ঘোষনা কৰি বাগিছা সমুহৰ পৰিবেশ অস্থিৰ কৰিব বিচাৰিছে।

চাহ মৰ্চাৰ নেতা গৰাকীয়ে লগতে কয় যে, কংগ্ৰেছৰ বি টিম অসম চাহ মজদুৰ সংঘই ইয়াৰ পূৰ্বেও বিজেপি চৰকাৰে শ্ৰমিকৰ ৰেচন বন্ধ কৰাৰ লগতে সংশোধিত নাগৰিক আইনৰ জড়িয়তে বাগিছালৈ লাখ লাখ বাংলাদেশী নাগৰিক আনি শ্ৰমিক সকলক কৰ্মহীন কৰাৰ এক অপ প্ৰচাৰ চলাইছিল।বিজেপিৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে চাহ শ্ৰমিক সকলৰ বাবে গ্ৰহন কৰা বিভিন্ন অভিলাষী আঁ‌চনিয়ে চাহ শ্ৰমিক সকল বৰ্ত্তমান  বিজেপিৰ পক্ষত থিয় দিয়াত চাহ বাগিছাত নিজৰ স্থিতি হেৰুৱাৰ উপক্ৰম হৈছে কংগ্ৰেছ দল। সেয়ে কংগ্ৰেছৰ বি-টিম অসম চাহ মজদুৰ সংঘই এনেদৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে অপপ্ৰচাৰত লিপ্ত হৈছে বুলি চাহ মৰ্চাৰ সভাপতি সঞ্জয় কৃষ্ণ তাঁতীয়ে মন্তব্য কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in