মৰিয়নিৰ সীমান্তত সক্ৰিয় বাইক চুৰি চক্ৰঃ নাগালেণ্ডত উদ্ধাৰ চুৰি মটৰ চাইকেল…

মৰিয়নিৰ সীমান্তত সক্ৰিয় বাইক চুৰি চক্ৰঃ নাগালেণ্ডত উদ্ধাৰ চুৰি মটৰ চাইকেল…

ডিজিটেল সংবাদ মৰিয়নিঃ মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তত কিছুদিনৰ পৰা এটা আন্তঃৰাজ্যিক মটৰ চাইকেল চুৰি চক্ৰ সক্ৰিয় হৈ অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ পৰা মটৰ চাইকেল চোৰ কৰি এক প্ৰকাৰ সন্ত্ৰাস চলাই আহিছে।। এনে সময়তে মৰিয়নিৰ চেলেংহাট আৰক্ষীয়ে চুবুৰীয়া নগালেণ্ডত অভিযান চলাই শনিবাৰে পুৱা এখন চুৰি মটৰ চাইকেল উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

আৰক্ষীৰ পৰা জানিব পৰা মতে গোপন সুত্ৰৰ পম খেদি চেলেংহাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰবীণ নেওগৰ নেতৃত্বত যোৱা এটা আৰক্ষী দলে মোককচাং জিলাৰ ইয়াচাং চি বস্তিত নগালেণ্ড আৰক্ষীৰ সহযোগত চুৰি বাইকৰ এটা ঘাটিত অভিযান চলায়।এই অভিযানত আৰক্ষী দলটোৱে অসমৰ পৰা চোৰ হোৱা এখন হিৰ' গ্লেমাৰ বাইক উদ্ধাৰ কৰে যদিও বাইক চুৰি লগত জড়িত কোন লোকক কৰায়ত্ত কৰিবলৈ সক্ষম নহ'ল।

আৰক্ষীয়ে উদ্ধাৰ কৰা এ এছ ০৩ টি ৬১৫২ নম্বৰৰ হিৰ' গ্লেমাৰ মটৰ চাইকেল খন সীমান্তবৰ্তী ৰণখামৰ কৰন ভূমিজ নামৰ লোকজনৰ বুলি জানিব পৰা গৈছে। উল্লেখ্য যে,ব্যক্তিজনৰ মটৰ চাইকেল খন কিছুদিন পূৰ্বে চোৰ হৈছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in