মৰিয়নীত ৰূপজ্যোতি কূৰ্মীৰ বিৰুদ্ধে অখিল গগৈঃ মৰিয়নী সমষ্টিৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল…

মৰিয়নীত ৰূপজ্যোতি কূৰ্মীৰ বিৰুদ্ধে অখিল গগৈঃ মৰিয়নী সমষ্টিৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল…

ডিজিটেল সংবাদ, বেকাজানঃ শিৱসাগৰ পিছতে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ হৈ আজি মৰিয়নী সমষ্টিত প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিছে সমৰ্থকসকলে । দুপৰীয়া মৰিয়নীৰ ৰাইজৰ দলৰ নেতা – কৰ্মীয়ে কৃষক মুক্তি সহস্ৰাধিক সমৰ্থকক লগত লৈ তিতাবৰ মহকুমাৰ নিৰ্বাচনী বিষয়া কাৰ্যালয়ত অখিল গগৈৰ হৈ মনোনয়ন পত্ৰ দাখিল কৰে । অখিল গগৈক মৰিয়নী সমষ্টিৰ প্ৰাৰ্থী হিচাপে পাই ৰাইজৰ দলৰ সমৰ্থক উৎফুল্লিত হৈ পৰে ।

ৰাইজৰ দলৰ কৰ্মীসকলৰ মতে অখিল গগৈ এগৰাকী বাস্তৱ আৰ্হি আৰু আদৰ্শৰ প্ৰতীক । তেওঁক মৰিয়নী ৰাইজে জয়যুক্ত কৰিব লাগে । ৰাইজৰ দলৰ নেতাসকলে দাবী কৰে যে এইবাৰ মৰিয়নী সমষ্টিত প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মী কোনো ফেক্টৰ নহয় । কিয়নো ৰূপজ্যোতি কুৰ্মীয়ে মাতৃৰ দিনৰ পৰা বৰ্তমানলৈকে বিগত ৩৫ বছৰত মৰিয়নী সমষ্টিৰ বাবে কি উন্নয়ন সাধন কৰিলে ৰাইজে দেখিছে । আনহাতে জাতীয় পৰিষদৰ অলক ঘোষ এজন সুবিধাবাদীনেতা ।

তেওঁ যতেই সুবিধা পায় তালৈ যায় । উল্লেখযোগ্য যে কৃষকনেতা অখিল গগৈৰ প্ৰতিদ্বন্দিতাই মৰিয়নী সমষ্টিক ৰাজ্যৰ হাই প্ৰফাইল সমষ্টিত পৰিণত কৰিছে । এইবাৰ মৰিয়নী সমষ্টিৰ পৰা বিজেপিৰ ৰমনী তাঁতী , কংগ্ৰেছৰ ৰূপজ্যোতি কুৰ্মী অসম জাতীয় পৰিষদৰ অলক ঘোষ আৰু ৰাইজৰ দলৰ অখিল গগৈ প্ৰতিদ্বন্দিতা আগবঢ়াইছে । চাৰিও গৰাকী প্ৰাৰ্থী মাজত তীব্ৰ প্ৰতিদ্বন্দিতা হোৱাৰ সম্ভাৱনা আছে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in