মৃত্যুদুতলৈ পৰিণত মৰিয়নি-মোককচাং পথঃ তিনি হেজাৰ ফুট তলত পৰিল ট্ৰাক…

মৃত্যুদুতলৈ পৰিণত মৰিয়নি-মোককচাং পথঃ  তিনি হেজাৰ ফুট তলত পৰিল ট্ৰাক…

ডিজিটেল সংবাদ, মৰিয়নিঃ নাগালেণ্ডৰ চাৰিখন জিলাৰ লগত অসমক সংযোগ কৰা অন্যতম গুৰুত্বপূৰ্ণ পথতো হৈছে মৰিয়নি -মোককচাং পথ বা চমুকৈ এম কে জি পথত আজি এক ভয়াবহ দুৰ্ঘটনা সংঘটিত হয়। ডিমাপুৰৰ লগতে উজনি অসমক পাহাৰিয়া ৰাজ্যখনৰ  চাৰিখন জিলা ক্ৰমে মোককচাং -টুৱেনচাং-জুনেহবুটু আৰু ফেক জিলাৰ লগত সংলগ্ন কৰা এম কে জি পথতো মৃত্যুদুতলৈ পৰিণত হৈছে।

সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ১০-১২হাজাত ফুট উচ্চতাৰ বিধ্বস্থ পথতোত সঘনে সংঘঠিত হোৱা পথ দুৰ্ঘটনাত অকলতে বহু চালক-হেণ্ডিমেনে প্ৰান হেৰুৱাৰ লগতে অসংখ্য সৰু -বৰ যান বাহন ধংস হৈছে। নাগালেণ্ডৰ উক্ত জিলা কেই খনলৈ যোৰহাট আৰু মৰিয়নিৰ পৰা অত্যাৱশ্যকিয় খাদ্য সামগ্ৰীকে ধৰি অন্যান্য সা সামগ্ৰী যোগান ধৰা হয়।।

আজি বিয়লি যোৰহাটৰ পৰা টুৱেনচাংলৈ সামগ্ৰী কঢ়িয়াই নিয়া এ এছ জিৰ এক /ডিডি/২১৯৭ নম্বৰৰ এখন ট্ৰাক নষগালেণ্ডৰএম কেজি পথৰ চাংকী বস্তিৰ সমিপত দুৰ্ঘটনাগ্ৰস্থ হয়। নেৰানেপেৰা বৰষুন আৰু জৰাজীৰ্ণ পথৰ বাবে নিয়ন্ত্ৰন হেৰুৱাই প্ৰায় তিনিহাজাৰ ফুট তলত বাগৰি পৰা ট্ৰাক খনৰ চালক-হেণ্ডিমেনক সংকট জনক অৱস্থাত উদ্ধাৰ কৰে যদিও ট্ৰাকখন ধংসস্তূপত পৰিনত হয়।

উল্লেখ্য যে সীমান্ত পথ নিৰ্মান সংস্থা চমুকৈ বি আৰ অৰ তত্বাবধানত থকা পথতো দহ বছৰৰ পূৰ্বে নাগালেণ্ডৰ গড়কাপ্তানী বিভাগে চমজি লোৱাৰ পিছতো নিৰ্মান নহল বিধ্বস্থ পথটো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in