লকডাউনে অন্ধকাৰ নমাই আনিলে মুখা আৰু ভাস্কৰ্য শিল্পীসকলৰ জীৱনলৈ…

লকডাউনে অন্ধকাৰ নমাই আনিলে মুখা আৰু ভাস্কৰ্য শিল্পীসকলৰ জীৱনলৈ…

ডিজিটেল সংবাদ, মৰিয়নিঃ কোভিড-১৯ অতিমাৰীৰ প্ৰভাৱে অন্যান ক্ষেত্ৰৰ লগতে মুখা আৰু ভাস্কৰ্য শিল্পী সকলৰ জীৱনলৈও চৰম দুৰ্দশা নমাই আনিলে। সমগ্ৰ বিশ্ব জুৰি কভিড-১৯ ৰ ভয়াবহতা। লক ডাউনত স্তব্ধ হৈ পৰিল জনজীৱন। বিভিন্ন ক্ষেত্ৰৰ লগতে মুখা আৰু ভাস্কৰ্য শিল্প কৰ্মৰে পেট প্ৰৱটোৱা শিল্পীসকলো লকডাউনৰ পাছৰ পৰাই কৰ্মহীন হৈ পৰে।

ৰাজহুৱা অনুষ্ঠান ভাওনা, নাট, উৎসব-পাৰ্বন আদি অনুষ্ঠান বন্ধ হৈ পৰাত মুখা আৰু ভাস্কৰ্য শিল্পৰ লগত জড়িত শিল্পী সকলৰ উপাৰ্জনৰ পথ বন্ধ হৈ পৰে। বহু শিল্পী কৰ্মহীণ হৈ পৰিল। মুখা আৰু ভাস্কৰ্য শিল্পৰ লগত ১৯৯৫ চনৰ পৰা জড়িত মৰিয়নীৰ বেলতল জাপি সজিয়া গাঁৱৰ নিপেন গগৈ নামৰ শিল্পী জনক লকডাউনে অৰ্থনৈতিক ভাৱে কোঙা কৰি পেলোৱা লগতে উপাৰ্জনৰ পথ বন্ধ হৈ পৰাত শিল্পীজনৰ পৰিয়ালটো বৰ্তমান পানীত হাঁহ নচৰা অৱস্থাৰে জীৱন নিৰ্বাহ কৰিব লগা হৈছে। 

নিপেন গগৈৰ লগতে আন পোন্ধৰজন সহযোগী শিল্পীও বৰ্তমান কৰ্মহীণ হৈ এতিয়া বেলেগ কৰ্মৰ সন্ধান কৰিবলৈ বাধ্য হৈছে। উল্লেখ্য যে, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ বাবে মুল তোৰন নিৰ্মানৰ লগতে নামঘৰৰ গুৰু আসন, মূৰ্তি আদি বিভিন্ন ভাস্কৰ্য নিৰ্মান কৰি সমগ্ৰ উজনি অসমতে সুনাম  আছে নিপেন গগৈৰ। নিপেন গগৈয়ে শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘ ঘৰ শিৱসাগৰৰ শঙ্কৰী সংস্কৃতি প্ৰকল্পৰ স্থায়ী তোৰন খন নিৰ্মান কৰি যথেষ্ঠ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

বৰ্তমান লক ডাউন কিছু শিথিল হ'ল যদিও দুমাহে এটাও নতুন কাম হাতলৈ নহাত ভৱিশ্যতৰ অনিশ্চিয়তাত ভূগিছে শিল্পী গৰাকী। শিল্পী গৰাকীয়ে সাংবাদিকৰ আগত দুখেৰে কয় যে, 'লক ডাউনে আমাক একেবাৰে বিধস্ত কৰি পেলালে।

হাতত বৰ্তমান এটা কামো নাই। এইটো কাম কৰিয়ে যেনে তেনে খাই আহিছিলো। এতিয়া কি কৰি খাম। ভাবিকে পোৱা নাই'। শিল্পীজনে লকডাউনৰ সময়ত চৰকাৰী ভাৱে কোনো সাহাৰ্য পোৱা নাই বুলিও ক্ষোভ প্ৰকাশ কৰে। আনহাতে শীঘ্ৰে ভাল দিন ঘুৰি অহাৰ প্ৰতিক্ষাত ৰৈ থকা এই সকল মুখা আৰু ভাস্কৰ্য শিল্পীৰ প্ৰতি চৰকাৰ কেতিয়াকৈ সদয় হ'ব তাক লৈ প্ৰশ্ন উত্থাপন হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in