কোভিড সংক্ৰমণৰ পৰা মুক্ত হৈ থাকি আদৰ্শ স্থাপন কৰিবলৈ সক্ষম হৈছে মৰিয়নিৰ এখন গাঁও পঞ্চায়তে ….

কোভিড সংক্ৰমণৰ পৰা মুক্ত হৈ থাকি আদৰ্শ স্থাপন কৰিবলৈ সক্ষম হৈছে মৰিয়নিৰ এখন গাঁও পঞ্চায়তে ….

ডিজিটেল সংবাদ মৰিয়নিঃ চাহ বাগিচা অধ্যুষিত পঞ্চায়তখনৰ নব্বৈ শতাংশ লোক চাহ শ্ৰমিকৰূপে আৰু দহ শতাংশ লোকে কৃষি আৰু দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰে। অসমৰ প্ৰায়বোৰ গাঁও আৰু বাগিচা এলেকাৰ লোকক কোভিড সংক্ৰমণে চুই গৈছে যদিও যোৰহাট জিলাৰ মৰিয়নীৰ এখন গাঁও পঞ্চায়ত এলেকা কোভিডমুক্ত হৈ থাকি আদৰ্শ স্থাপন কৰিবলৈ সক্ষম হৈছে। মৰিয়নী সমষ্টিৰ ৫৯নং দক্ষিন কাটনি বাগিচা গাঁও পঞ্চায়তৰ এজনো লোক বৰ্তমানলৈকে কোভিডত আক্ৰান্ত নোহোৱাত গ্ৰীণ জ'নৰূপে স্বীকৃতি লাভ কৰিছে পঞ্চায়তখনে।

মূলতঃ চাহ বাগিচা অধ্যুষিত পঞ্চায়তখনৰ নব্বৈ শতাংশ লোক চাহ শ্ৰমিকৰূপে আৰু দহ শতাংশ লোকে কৃষি আৰু দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰে। কোৰোণা সংক্ৰমণৰ দ্বিতীয় ঢৌৱে ৰাজ্যৰ গাঁও-বাগিচা সৰ্বত্ৰে চুই যোৱাৰ সময়ত কিন্তু মৰিয়নীৰ দক্ষিন কাটনি গাঁও পঞ্চায়তখন সম্পূৰ্ণ কোভিডমুক্ত হৈ নজিৰ স্থাপন কৰিবলৈ সক্ষম হৈছে।

আনহাতে, পঞ্চায়তখনৰ কাৰ্যালয়ত শনিবাৰে অনুষ্ঠিত হয় এখন কোভিড সজাগতা সভা।এই সভাত কাটনি জিলা পৰিষদৰ অন্তৰ্গত পাঁচখন পঞ্চায়তৰ আশাকৰ্মী আৰু স্বাস্থ্য কৰ্মীসকলৰ লগতে পঞ্চায়তৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।

এই সভাতে পঞ্চায়তখনৰ অধীনৰ স্বাস্থ্য কৰ্মী, পঞ্চায়ত প্ৰতিনিধি আৰু আশা কৰ্মীসকলে চলোৱা ব্যাপক সজাগতা অভিযানৰ বাবে পঞ্চায়তখন কোভিডমুক্ত কৰি ৰাখিবলৈ সক্ষম হোৱা বুলি কোভিড যোদ্ধাসকলক ভূয়সী প্ৰশংসা কৰা লগতে কৃতজ্ঞতা জ্ঞাপন কৰে কাটনি জিলা পৰিষদৰ সদস্য প্ৰদীপ দত্ত আৰু দক্ষিন কাটনি বাগিচা গাঁও পঞ্চায়তৰ সভাপতি অলেন পাটনায়কে।সজাগতা সভাৰ অন্তত অঞ্চলটোৰ শতাধিক দুখীয়া পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণৰ লগতে কাটনি জিলা পৰিষদৰ অন্তৰ্গত পাঁচখন পঞ্চায়তৰ নাৰ্ছ আৰু আশা কৰ্মীসকলৰ মাজত চেনিটাইজাৰ আৰু মাস্ক বিতৰণ কৰে কাটনি জিলা পৰিষদৰ সদস্য প্ৰদীপ দত্তই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in