১০৮ৰ মুখ নেদেখা এখন দুৰ্ভগীয়া গাঁৱৰ কাহিনী: সাঙীয়ে ভৰসা ৰোগীৰ…

১০৮ৰ মুখ নেদেখা এখন দুৰ্ভগীয়া গাঁৱৰ কাহিনী: সাঙীয়ে ভৰসা ৰোগীৰ…

ডিজিটেল সংবাদ মৰিয়নিঃ এখন দলঙৰবাবেই আজি পৰ্যন্ত ১০৮ অথবা আদৰণি বাহনৰ মুখ দেখা নাই মৰিয়নিৰ এখন গাওঁৰ বাসিন্দাসকলে।মৰিয়নিৰ জেঙনি মৰনা গাঁৱলৈ আহিবলৈ এখন দলং নথকাত গাওখনলৈ বহুযুগধৰি যান বাহনৰ চলাচল বন্ধ হৈ আছে।কিন্ত ইয়াৰ মাজতে ২০২০চনত অৰ্থাৎ বিগত বৰ্ষত গাওঁখনলৈ আহিল এক সুখবৰ।চৰকাৰে পৰ্যাপ্ত পুঁজি মুকলি কৰি দিয়াৰ পিচতে বহু প্ৰত্যাশিত দলং নিৰ্মাণৰ কাম আৰম্ভ হল ঠিকেই।কিন্ত জেঙনি মৰান গাওবাসীৰ দুৰ্যোগৰ যেন অন্ত নপৰিল।

জেঙনি দলং নিৰ্মাণৰ নামত দলং নিৰ্মাণৰ দায়িত্বপ্ৰাপ্ত দুৰ্নীতিগ্ৰস্থ ঠিকাদাৰে সিংহভাগেই উদৰস্থ কৰিলে আবন্টিত পুঁজি।ফলস্বৰূপে অৰ্ধনিমিত হৈয়ে ৰল জেঙণি মৰান গাৱৰ দলং।ৰাইজে বহু অনুনয় বিনয় কৰি ঠিকাদাৰজনক দলংখন সম্পূৰ্ণ কৰাব নোৱাৰিলে।কাৰণ মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ হেনো অতিকৈ ঘনিষ্ঠ এই ঠিকাদাৰজন।ফলত ৰূপজ্যোতি কুৰ্মী আৰু তেওঁৰ ঘনিষ্ঠ ঠিকাদাৰজনৰ আশীৰ্বাদত এনেদেৰে মৰণক শৰন দি অতি বিপদ সংকুল ভাবে আহ যাহ কৰিবলৈ বাধ্য হৈছে প্ৰায় ৮খন গাওঁৰ বাসিন্দাই।

স্কুল কলেজ -বজাৰ ,হাটকে ধৰি স্বাস্থ্য কেন্দ্ৰলৈ অহাযোৱা কৰা একমাত্ৰত পথ এইটো। সহজ সৰল গাওঁবাসীৰ চৰকাৰলৈ এটাই প্ৰশ্ন আৰু আমি কিমান দিনলৈ ৰোগীক বুকোচাত লৈ যাম চিকিৎসালৈ ? আমাক সুতা কম্বল, অথবা আৱাস গৃহ নালাগে ।দুৰ্ভগীয়া গাওবাসীৰ অনুৰোধ আমাক দলং আৰু পথ অতি ক্ষীঘ্ৰে নিৰ্মান কৰি দিয়ক । ১০৮ অথবা আদৰণি বাহনৰ মুখ নেদেখা জেঙনি মৰান গাওবাসীৰ সপোন পোৰ হ'বনে ! নে উন্নয়ণ আৰু বিকাশৰ শ্ল'গান আওৰোৱা বিজেপি চৰকাৰৰ দিনটো এখন দলংৰ বাবে হাহাকাৰ কৰিব লাগিব এখন গাওৰ বাসিন্দাই । সেয়াহে সময়ত লক্ষণ্যীয় হ'ব ।
সীমান্ত প্ৰতিম।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in