বন বিভাগৰ পৃষ্ঠপোষকতাত মৰিয়নিত চোৰাং বালিৰ ৰমৰমীয়া বেহা..

বন বিভাগৰ পৃষ্ঠপোষকতাত মৰিয়নিত চোৰাং বালিৰ ৰমৰমীয়া বেহা..

ডিজিটেল সংবাদ মৰিয়নিঃ যি সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য প্ৰশানক দুৰ্নীতিমুক্ত কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহন কৰাৰ কথা ঘোষণা কৰি আহিছে তেনে সময়তে খোদ বন বিভাগৰ পৃষ্ঠপোষকতাত মৰিয়নিৰ ভোগদৈ নৈত অব্যাহত আছে চোৰাং বালিৰ ৰমৰমীয়া ব্যৱসায়। মৰিয়নি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত পুখুৰীয়া, এম.ই.এছ, কল্যাণপুৰ, মূৰমুৰীয়া, কাটনিবাৰী, পুথিনদী, আদি কেইবাটাও অঞ্চলত অবৈধ ভাৱে বালিখনন কৰি নিতৌ ডাম্পাৰে ডাম্পাৰে নাগালেণ্ডৰ লগতে যোৰহাটৰ ভিন্ন প্ৰান্তলৈ সৰবৰাহ কৰি আহিছে বালি মাফিয়াই।

উল্লেখ্য যে কিছুবছৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে বন্য-প্ৰাণী সুৰক্ষাৰ স্বাৰ্থত সংৰক্ষিত বনাঞ্চল, অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানৰ ৫ কিঃমিঃ ব্যাসাৰ্দ্ধৰ এলেকাত বালিমহল, শিলৰ কুৱেৰী আদি স্থাপনৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছিল। যাৰ ফলশ্ৰুতিত বন বিভাগৰ অধীনত মৰিয়নিৰ ভোগদৈ নদীত থকা আটাইকেইটা বালি মহল প্ৰায় এটা দশক জুৰি বন্ধ হৈ আছে। কিন্তু চৰকাৰীভাৱে বালিৰ মহল বন্ধ হৈ থকাৰ বাবে কাৰ্যত মৰিয়নিস্থ বনবিভাগৰ বাবে সোণৰ কনী পৰা হাঁহত পৰিণত হৈছে অবৈধ বালিৰ মহলসমূহ।

মৰিয়নি বন বিভাগৰ সহযোগতে এম.ই.এছ আৰু কাটনিবাৰীৰ,পুখুৰীয়াৰ বালিমহলৰ উপৰি কল্যাণপুৰত ভোগদৈ বুকু বিদাৰি জনৈক বিলু, তিলক, টেগবাহাদুৰ, ভাই বৰুৱা,মনজিৎ, অংকীত বৰপাত্ৰগোহাই,সুশীল ৰাজখোৱা,উকীল ৰাজখোৱা,বিকাশ তাতী আদি বালিমাফিয়া কেইটাই দিনে-ৰাতিয়ে ভোগদৈ নদীত চোৰাংকৈ বালি খনন অব্যাহত ৰাখিছে। ৰাইজৰ অভিযোগ অনুসৰি এই বালিমাফিয়া কেইটাই মেচিন লগাই বৃহৎ পৰিমাণৰ চোৰাং বালি মজুত কৰি ৰখাৰ লগতে নিতৌ ৫০-৬০ খনকৈ ডাম্পাৰেৰে এইসমূহ চোৰাং বালি প্ৰতি চি.এফ.টিত ৪০০০ ৰ পৰা ৬০০০ টকা পৰ্যন্ত অধিক মূল্যত নাগালেণ্ডত অবৈধভাৱে বিক্ৰী কৰি আহিছে।

কিন্তু ইয়াৰ বিনিময়ত মৰিয়নি বন বিভাগে লাভ কৰি আহিছে মোটা অংকৰ কমিচন। ইয়াৰোপৰি মূৰমুৰীয়া আৰু নকছাৰি অঞ্চলতো কোনোধৰণৰ অনুমতি, অনুজ্ঞাপত্ৰ নোহোৱাকৈ অবাধ চোৰাং বালিৰ সৰবৰাহ চলি আহিছে।

উল্লেখিত বালিমাফিয়া কেইটাৰ ওপৰত শীঘ্ৰে ব্যৱস্থা গ্ৰহণ আৰু বালিমাফিয়াক প্ৰত্যক্ষ তথা পৰোক্ষভাৱে সহায় কৰা বিভাগীয় বিষয়া-কৰ্মচাৰীৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণেৰ নাকী লগাবলৈ যোৰহাট জিলা ছাত্ৰ সন্থাই অলপতে স্মাৰকপত্ৰৰ জৰিয়তে দাবী জনাইছিল যদিও বন্ধ নহল অবৈধ বালিৰ বেহা।মনকৰিবলগীয়া যে অবাধে বালিৰ খনন চলাই চোৰাং বালিৰ ব্যৱসায় কৰি অহা এই মাফিয়া কেইটাই জৈৱ-বৈচিত্ৰ্যৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in