মৰিগাঁৱত পিষ্টলসহ গ্ৰেপ্তাৰ ডকাইত…VIDEO

মৰিগাঁৱত পিষ্টলসহ গ্ৰেপ্তাৰ ডকাইত…VIDEO
  • মৰিগাঁৱত 9mm পিষ্টল, দুই ৰাউণ্ড সজীৱ গুলী সহ ডকাইতি দ'লৰ এজনক কৰায়ত্ত৷
  • জাগীৰোডৰ ADজুৱেলাৰীত নামৰ প্ৰতিষ্ঠান এখনত ৪৫ লাখ টকা ডকাইতি কৰাৰ লক্ষ্যৰে আহিছিল।
  • তিনি দিন ধৰি দলটোৱে জুৱেলাৰী খনৰ পৰা ৪৫ লাখ টকাটো নিয়াৰ চেষ্টা চলাই আছিল৷
  • গোপন খবৰৰ ভিত্তিত আৰক্ষী অধীক্ষক নন্দ সিং বৰকলাৰ আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক শুভাসীশ বৰুৱাৰ নেতৃত্বত এটা দলে পুৱতি নিশা পাঁচ জনৰে এজনক আটক কৰে।
  • আটক ডকাইতৰ নাম ৰাজেশ মণ্ডল ঘৰ গুৱাহাটীৰ নাৰেংঙ্গীৰ কেন্দুগুৰিৰ ।
  • দলটোৰ গোটেই কেইজন গুৱাহাটীৰ ।
  • আৰক্ষী মতে সোন দিয়াৰ প্ৰলোভনেৰে ডকাইতি কৰি ধন খিনি লৈ যোৱাৰ মুল উদ্দেশ্য আছিল দ'লটোৰ৷
  • আনহাতে দলটোৰে অহা দুখন বাহনসহ বাকীসকল পলায়ন কৰে ৷
  • দলটোৰ লগত দুটা পিষ্টল আছিল।
  • এই সন্দৰ্ভত অধিক তথ্য বাবে আৰক্ষীৰ তদন্ত আৰম্ভ কৰিছে৷
  • উল্লেখ্য যে ধৃত ৰাজেশ বিজ্ঞানৰ স্নাতক৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in