মৰিগাঁৱত পত্নীক তিনিতালাক দি ৰঙাঘৰত অধ্যাপক…

মৰিগাঁৱত পত্নীক তিনিতালাক দি ৰঙাঘৰত অধ্যাপক…

ডিজিটেল সংবাদ, মৰিগাওঁঃ ৰাজ্যত তিনি তালাকৰ প্ৰসঙ্গ। এইবাৰ এগৰাকী প্ৰবক্তাই ২২ বছৰ সংসাৰ কৰাৰ পিছত পত্নীক দিলে তিনি তালাক।অধ্যাপক জন চৰাইবাহী কলেজৰ স্বৰীফ উদ্দিনে ।উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞা থকাৰ পিছতো পত্নীক তিনি তালাক অধ্যাপক স্বৰীফৰ ।উল্লেখ্য যে স্বৰীফৰ পত্নী সম্প্ৰতি দুটা সন্তানৰ মাতৃ আৰু এখন বিদ্যালয়ৰ শিক্ষয়িত্ৰী।

অধ্যাপক শ্বৰীফ উদ্দিনে অন্য এগৰাকী যুৱতীক বিয়া পাতিবৰ বাবেই প্রথম পত্নীক তিনি তালাক দিয়াৰ সিদ্ধান্ত লৈছে বুলি জানিব পৰা গৈছে।বৰ্তমান মহিলা গাৰকীয়ে মৰিগাওঁ আৰক্ষীক সমগ্ৰ বিষয়ৰ ওপৰত এখন এজাহাৰ দাখিল কৰাৰ পাছত স্বৰীফক আটক কৰিছে মৰিগাওঁ আৰক্ষীয়ে ।

পত্নীয়ে অভিযোগ কৰা মতে ২০১৩ চনত স্বামী শ্বৰীফ উদ্দীন ৰ চাকৰি চৰকাৰী কৰণ হোৱাৰ পিছৰে পৰাই আৰম্ভ হয় দ্বিতীয় বিবাহৰ নাটক।দুই পুত্ৰ কন্যাৰ ভৱিষ্যতৰ কথা চিন্তা কৰি ভুক্তভোগী মহিলা গৰাকীয়ে দ্বিতীয় বিবাহ কৰাত সন্মতি নিদিয়াৰ বাবেই অধ্যাপক স্বামীয়ে চলাই আহিছিল শাৰীৰিক আৰু মানসিক নিৰ্যাতন। যাৰ বাবেই স্বৰীফে পত্নীক তিনি তালাক দিয়াৰ সিদ্ধান্ত লয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in