বাজপেয়ীক অসন্মান! মৰিগাঁৱত গ্ৰেপ্তাৰ বিদ্যালয়ৰ অধ্যক্ষক

বাজপেয়ীক অসন্মান! মৰিগাঁৱত গ্ৰেপ্তাৰ বিদ্যালয়ৰ অধ্যক্ষক

ডিজিটেল সংবাদ, মৰিগাঁওঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰতি অসন্মান প্ৰদৰ্শনৰ কৰাৰ  অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে মৰিগাঁৱৰ এজন শিক্ষকক। ফাডাৰ জেমছ নামৰ ছেইণ্ট ইউজিন ইংলিছ স্কুলৰ অধ্যক্ষক গ্ৰেপ্তাৰ কৰিছে মৰিগাঁও আৰক্ষীয়ে।

অটল বিহাৰীৰ মৃত্যুৰ পাছত কেন্দ্ৰ চৰকাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীজনৰ প্ৰতি সন্মান জনাই ৭দিনীয়া শোক ঘোষণা কৰিছিল। কেন্দ্ৰীয় চৰকাৰে এখন নিৰ্দাশনাযোগে গৃহমন্ত্ৰণালয়লৈ দেশজুৰি  এই ৭দিন ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰি থবলৈ নিৰ্দেশ দিছিল।

এই শিক্ষকজনে তেওঁৰ বিদ্যালয়ত পতাকা অৰ্ধনমিত নকৰাৰ লগতে স্বাধীনতা দিৱসৰ দিনাখনো পতাকা উত্তোলন কৰা নাছিল। সেয়েহে আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে প্ৰভেনশ্যন অৱ ইনছাল্ট টু নেশ্যনেল হ'নাৰ এক্ট ২০০৫ৰ ২নং ধাৰাৰ অধীনত এক গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে। মৰিগাঁও উপ-আৰক্ষী অধীক্ষক মৃণ্ময় গোস্বামীয়ে শিক্ষকজনক গ্ৰেপ্তাৰ কৰাৰ কথা নিশ্চিত কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in