মৰিগাঁৱত ৰাজপথতে জ্বলিল গেছ ভৰ্তি টেংকাৰ, চাওক VIDEO

মৰিগাঁৱত ৰাজপথতে জ্বলিল গেছ ভৰ্তি টেংকাৰ, চাওক VIDEO

ডিজিটেল সংবাদ, মৰিগাঁওঃ  বৃহস্পতিবাৰে সন্ধিয়া মৰিগাঁও ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শিলচাং ৰাষ্ট্ৰীয় পথৰ কাষত সংঘটিত হয় এক অঘটন। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা পাৰ্কিংত ৰখাই থোৱা এখন গেছভৰ্তি টেংকাৰত সংঘটিত হয় অগ্নিকাণ্ড।

নিমিষতে সংঘটিত হোৱা এই ভয়ানক অগ্নিকাণ্ডত আতংকিত হৈ পৰে অঞ্চলবাসী। বৰ্তমান কেইবাখনো অগ্নিনিৰ্বাপক গাড়ীৰে জুই নিৰ্বাপন কৰিবলৈ চেষ্টা অব্যাহত আছে যদিও নিৰ্বাপিত হোৱা নাই জুই। গাড়ীখনত সংঘটিত হোৱা অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানৰ লৈকে জানিব পৰা হোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in