মৰিগাঁৱৰ বিভিন্ন স্থানৰ ম’হ যুঁজস্থলীত আৰক্ষীৰ বাধাঃ দোকান-পোহাৰ উৎখাত…

মৰিগাঁৱৰ বিভিন্ন স্থানৰ ম’হ যুঁজস্থলীত আৰক্ষীৰ বাধাঃ দোকান-পোহাৰ উৎখাত…

ডিজিটেল ডেস্কঃ মৰিগাঁৱত ম'হ যুঁজ অনুষ্ঠিত কৰাত আৰক্ষীৰ বাধা। ৰাজ্যত কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত এইবাৰ বাতিল কৰা হৈছিল পহিলা মাঘত অনুষ্ঠিত হৈ অহা ঐতিহাসিক আঁহতগুৰিৰ ম'হ যুঁজ। ইয়াৰ বিপৰীতে মৰিগাঁও জিলাৰ বিভিন্ন স্থানত পৰম্পৰা ৰক্ষাৰ্থে অনুষ্ঠিত কৰিবলৈ লোৱা হৈছিল যদিও এই ম'হ যুঁজত জিলা প্ৰশাসনে দিছে বাধা ৷

বিশেষকৈ জিলাখনৰ বৈদ্যবড়ী, মিকিৰভেটা আদি যুঁজস্থলীত মোতায়েন কৰা হৈছে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোক ৷ আৰক্ষীয়ে উৎখাত কৰিছে যুঁজস্থলীৰ দোকান-পোহাৰ ৷ কোনোপধ্যেই ম'হ যুঁজ অনুষ্ঠিত নকৰিবলৈ সকিয়াই দিছে জিলা তথা আৰক্ষী প্ৰশাসনে ৷ ইফালে এই সময়চোৱাত গোনা ম'হ সমূহে যুঁজত অৱতীৰ্ণ হ'ব নোৱাৰিলে আক্ৰমণৰ লক্ষ্য কৰি লয় গোৱাল সকলক ৷ এনে পৰিস্থিতিত প্ৰশাসনে বাধা আৰোপ কৰাত বিপাঙত পৰিছে ম'হৰ গোৱাল সকল ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in