শেহতীয়া খবৰ
জোৰশিমুলী আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান,নগদ ধন আৰু ড্ৰাগছ সহ ১ জনক আটক...  •  বিভিন্ন দাবী আৰু শ্ৰম বিৰোধী নীতিৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ...  •  অৰ্ণৱৰ ৰিপাব্লিক টিভিয়ে চৰকাৰক ধন পৰিশোধ নকৰাকৈ প্ৰচাৰ ভাৰতীৰ বিনামূলীয়া ডিটিএইচ সেৱাত প্ৰৱেশ কৰিছিল...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  এ আই ইউ ডি এফৰ লগত হোৱা মিত্ৰতাই কংগ্ৰেছৰ একো ক্ষতি নকৰে : কংগ্ৰেছ নেতা অনিৰুদ্ধ সিং...  •  পুনেৰ চিৰাম ইনষ্টিটিউটৰ নিৰ্মাণৰত অট্টালিকাত অগ্নিকাণ্ড, নিহত পাঁচ গৰাকী...  •  ছয়গাঁৱৰ গৰৈমাৰীত তীৰখেলত ব্যৱহৃত সামগ্ৰী, নগদ ধনসহ আটক ২ জন...  •  পত্নীৰ সন্মুখতে লাঠীৰে কোৱাই কোৱাই হত্যা কৰিলে স্বামীক, আহত কেইবাজনো...  •  নগাঁও জিলাৰ চমুৱাগাঁওত ঋণগ্ৰস্ত কৃষিজীৱি আৰু শ্ৰমজীৱি মহিলাৰ অভিবৰ্তন...

কোৰোনাঃ জুন মাহত ভাৰতত আক্ৰান্তৰ সংখ্যা দেখিলে আচৰিত হ’ব আপুনি…

496

ডিজিটেল ডেস্কঃ প্ৰথমে অতিপাত গৰমত কোৰোনাৰ মৃত্যু হোৱাৰ কথা চৰ্চা হৈছিল যদিও ভাৰতত গৰম যিমানে বাঢ়িছে তাৰ সমান্তৰালভাৱে বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। বিগত জুন মাহত ভাৰতত ৩লাখ ৪৮হাজাৰ লোকৰ দেহত ধৰা পৰিছে কোৰোনা। বিশেষজ্ঞসকলে মতপোষণ কৰিছে যে,জুনৰ দৰ জুলাই মাহতো অব্যাহত থাকিব কোৰোনাৰ প্ৰকোপ।

স্বাস্থ্য মন্ত্ৰণালয়ে যোৱা ৩১মেত জনাইছিল যে, দেশত কোৰোনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ১,৮২,১৪৩। ইয়াৰ বিপৰীতে মৃত্যুৰ সংখ্যা আছিল ৫,১৬৪। ইফালে ১ জুলাইত মন্ত্ৰণালয়ে জাৰি কৰা তথ্যত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা হলগৈ ৫,৮৫,৪৯৩ আৰু মৃত্যু হোৱা লোকৰ সংখ্যা ১৭,৪০০গৰাকী।

এই সমূহ তথ্য বিশ্লেষণ কৰি কেৰালাৰ এগৰাকী বিশেষজ্ঞই মতপোষণ কৰিছে যে, জুলাই মাহত ৫-৬লাখ লোক আক্ৰান্ত হব কোৰোনাত। আগষ্ট মাহচতো ভাৰতত এই গতিৰে কোৰোনাত আক্ৰান্ত সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি