মৰাণত বিজেপিৰ পতাকা দাহ কৰি ৰাইজৰ প্ৰতিবাদ

মৰাণত বিজেপিৰ পতাকা দাহ কৰি ৰাইজৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, মৰাণঃ জাতিধ্বংসী সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবীত মৰাণত ৭০ সংগঠনৰ উদ্যোগত বৃহত্তৰ মৰাণবাসীয়ে আজি মৰাণ নগৰত এক বিশাল গণ-সমাবেশ অনুষ্ঠিত কৰি বিজেপি চৰকাৰক সকিয়নী প্ৰদান কৰে। জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোৱে উক্ত গণ সমাবেশত অংশ গ্ৰহণ কৰে। মৰাণৰ সমূহ দোকান-পোহাৰ, অনুষ্ঠান-প্ৰতিষ্ঠান স্বতঃস্ফুৰ্ত ভাৱে বন্ধ কৰি উক্ত গণ সবাবেশ আৰু প্ৰতিবাদী যাত্ৰাত অংশ গ্ৰহণ কৰে সকলোৱে।

প্ৰতিবাদীসকলে মৰাণ গড়কাপ্তানী পৰিদৰ্শন ভৱনৰ পৰা উলিওৱা এই প্ৰতিবাদী গণ সমাবেশৰ বিশাল প্ৰতিবাদী যাত্ৰাত বিজেপি গ' বেক, নৰেন্দ্ৰ মোডী গ' বেক, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, মৰাণ সমষ্টি বিধায়ক চক্ৰ গগৈৰ কাম নাই, মাহমৰা সমষ্টিৰ যোগেন মহনৰ কাম নাই, বিজেপি লেই লেই ছেই ছেই আদি বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰে মৰাণৰ আকাশ বতাহ কপাই তোলে।

প্ৰতিবাদকাৰীসকলে মৰাণ বিধানসভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ ঘৰৰ ওচৰত কুশল নগৰত বিজেপি পতাকাও দাহ কৰে। আনহাতে নলবাৰীত আছুক কৰা চৰম অপমানৰ বাবে মৰাণ আঞ্চলিক সমিতিয়ে সৰ্বানন্দ সোণোৱাল আৰু ৰঞ্জিৎ দাসৰ পুত্তলিকা দাহ কৰে মৰাণ নগৰৰ মাজ মজিয়াত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in