মৰাণত একেলগে কালী পূজা চাবলৈ যোৱা সংগীক হত্যা যুৱতীৰ

মৰাণত একেলগে কালী পূজা চাবলৈ যোৱা সংগীক হত্যা যুৱতীৰ

ডিজিটেল ডেস্কঃ অৱশেষত আৰক্ষীৰ জালত পৰিল মৰাণ ডিখাৰীত ৭ নৱেম্বৰত ৰেৱকান্ত গগৈ নামৰ লোকজনৰ হত্যাকাৰী। মৰাণৰ তিলৈ নগৰৰ ৰেৱকান্ত গগৈ ওৰফে কান্দুৰ হত্যাকাৰীক মৰাণ থানাৰ আৰক্ষীয়ে পলাতক অৱস্থাত গ্ৰেপ্তাৰ আজি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ জালত পৰা হত্যাকাৰীজম হৈছে ১০৮ নং খোৱাং গ্ৰান্টৰ অনিমা কিচক'। তেওঁক বলাৎকাৰ কৰাৰ অপচেষ্টা চলাওঁতেই ৰেৱকান্ত গগৈক হিংৰীজানৰ দেৱালীৰ পৰা ক্ৰয় কৰি অনা এখন চুৰিৰে হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে হত্যাকাৰী অনিমা কিচক'য়ে।

উল্লেখ্য যে ৰেৱকান্ত গগৈ ওৰফে কান্দুৰ সৈতে মৰাণ হিংৰীজানত কালী পূজা তথা দেৱালী উপভোগ কৰিবলৈ গৈছিল হত্যাকাৰী অনিমা কিচক'। তাৰ পাছতে সংঘটিত হয় এই ঘটনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in