মৰাণ হাজোৱা চাহ বাগিচাত গুলীবৰ্ষণ, ৩ অভিযুক্ত আটক…

মৰাণ হাজোৱা চাহ বাগিচাত গুলীবৰ্ষণ, ৩ অভিযুক্ত আটক…

ডিজিটেল সংবাদ, চৰাইদেউঃ চৰাইদেউ জিলা মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত  অসম চাহ কোম্পানী অধীনস্থ মৰাণৰ হাজোৱা চাহবাগিচাত আলফাই গুলীবৰ্ষণ কৰি সন্ত্ৰাস সৃষ্টি কৰা এমাহৰ পাছত চৰাইদেউ জিলা আৰক্ষীয়ে ঘটনাৰ লগত জড়িত তিনিজনক আটক কৰিছে।আটক কৰা যুৱক তিনিজন হ'ল- হিংৰীজানৰ সুবল প্ৰধানৰ পুত্ৰ আকাশ প্ৰধান(৩৪), হাজোৱাৰ গনেশ ঠাকুৰৰ জীতেন ঠাকুৰ(৩৪) আৰু খুমটাই ৬ নং লাইনৰ বাবুল টেলেংগা পুত্ৰ উত্তম টেলেংগা(৩৮)।

চৰাইদেউ জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত আৰক্ষী দলটোৱে ৯ জুনত হাজোৱা চাহ বাগিচাত গুলিবৰ্ষন কৰা পইন্ট টু টু পিষ্টল, এখন মটৰ চাইকেল,আলফাৰ নামত পেড, ধন দাবী পত্ৰ আৰু ভালে সংখ্যক আপত্তিজনক নথিপত্ৰ জব্দ কৰিছে যদিও অধিক তদন্ত খাতিৰত সাংবাদিকক অৱগত কৰা নাই চৰাইদেউ জিলা মৰাণহাট থানাৰ আৰক্ষীয়ে।আজি আৰক্ষী অধীক্ষকজনে সোণাৰিত সংবাদ মেল যোগে সদৰি কৰিব বুলি অৱগত কৰিছে।

আনহাতে সন্দহজনক ভাৱে শিৱসাগৰ জিলা বকতা নেমুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত বকতা নৰ নাথ গাঁৱৰ নিবাসী প্ৰদীপ নাথৰ পুত্ৰ মাধৱ নাথ ওৰফে মইনাক মৰাণহাট থানাৰ আৰক্ষীয়ে ১২ জুনত গ্ৰেপ্তাৰ কৰি মহামান্য আদালতত হাজিৰ কৰোৱাৰ পাছত দুদিন আৰক্ষী জিম্মাত ৰাখিও প্ৰকৃত তথ্য উদ্ধাৰ কৰিব নোৱাৰি ১৫ জুনত জেল হাজোতলৈ প্ৰেৰণ কৰিছিল।

উল্লেখ্য যে, বাগিচাখনৰ  সহকাৰী পৰিচালক চাহবাজ আনোৱাৰক দহ লাখ টকা ধনদাৱী কৰিছিল আলফাৰ স্বাধীনে। ৰকেট অসম ওৰফে ৰকেট স্বাধীন স্বাক্ষৰিত আলফাৰ পেডত ২০ মে'ত। দাবী কৰা দহ লাখ টকা ধন নিদিয়া বাবে ৯ জুন দেওঁবাৰে পুনৰ আহিছিল বাগিচাখনৰ পৰিচালক গৰাকীৰ ওচৰলৈ দাৱী কৰা ধন নিবলৈ।

এখন বাইকত হেলমেত পৰিধান কৰি অহা দুজন যুৱকে বাগিচাৰ বন্ধ লোহাৰ গেটত ৰৈ কৰ্তব্যৰত চকীদাৰক মদন কৰুৱাক সুধিছিল পৰিচালকজন আছে নে নাই। চকীদাৰে পৰিচালকজন বাংলোৰত থকা পাছতো মিছাকৈ নাই বুলি কোৱাত যুৱক দুজনৰ এজনে গেটলৈ তিনিজাই গুলি ফুটাই মৰাণ নগৰৰ দিশে আতৰি যায় বুলি কৰ্তব্যৰত চকীদাৰে জনাইছিল।

ঘটনা সংঘটিত হোৱাৰ পাছত মৰাণহাট আৰক্ষী আৰু সেনাবাহিনীয়ে তদন্ত অভিযান চলাই তিনিটা পইন্ট টু-টু (2.2) পিষ্টলৰ খালি কাটুছ উদ্ধাৰ কৰিছিল যদিও ঘটনা সংঘটিত কৰা আলফা সদস্য দুজনৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in