মৰাণৰ খোৱাঙত কংগ্ৰেছ কৰ্মীয়ে প্ৰহাৰ কৰিলে বিজেপি কৰ্মীক…

মৰাণৰ খোৱাঙত কংগ্ৰেছ কৰ্মীয়ে প্ৰহাৰ কৰিলে বিজেপি কৰ্মীক…

ডিজিটেল সংবাদ, মৰাণঃ আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ৰাজনীতি দলসমূহৰ নিৰ্বাচনী তৎপৰতা তুংগত উঠা সময়তে ডিব্ৰুগড় জিলা মৰাণ সমষ্টি তথা ডিব্ৰুগড় লোকসভা সমষ্টি অন্তৰ্গত খোৱাং হালধিবাৰী কংগ্ৰেছ কৰ্মীয়ে প্ৰহাৰ কৰিলে ৬ নং ৱাডৰ বিজেপি পঞ্চায়ত সদস্যক ।অসমত অহা ১১ এপ্ৰিলত প্ৰথম পৰ্য্যায়ত অনুষ্ঠিত হ'ব লগীয়া আন সমষ্টিৰ লগতে ডিব্ৰুগড় লোকসভা সমষ্টিতো অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন। ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপি দলে পুনৰ ৰামেশ্বৰ তেলীকে প্ৰাৰ্থীত্ব প্ৰদান কৰা বিপৰীতে কংগ্ৰেছেও পুনৰ সমষ্টিটোত বসীয়ান কংগ্ৰেছী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰক প্ৰাৰ্থীত্ব প্ৰদান কৰাত দুয়োটা দলেই নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে।

বিজেপি প্ৰাৰ্থী তথা প্ৰাক্তন সাংসদ ৰামেশ্বৰ তেলীয়ে যোৱা ২১ মাৰ্চত খোৱাং চাৰিআলি ৰাজহুৱা প্ৰেক্ষাগৃহত নিৰ্বাচনী প্ৰচাৰ চলোৱা সভাত হালধিবাৰী ৬ নং ৱাডৰ কংগ্ৰেছৰ পঞ্চায়ত সদস্য তনুশ্যাম কোঁৱৰে উক্ত নিৰ্বাচনী প্ৰচাৰ সভাত মৰাণ সমষ্টি বিধায়ক চক্ৰধৰ গগৈ আৰু প্ৰাক্তন সাংসদ তথা বিজেপিৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলীৰ উপস্থিতিত আনুষ্ঠানিক ভাৱে গেৰুৱা বসন পিন্ধি বিজেপি দলত যোগদান কৰিছিল।ইয়াতে খৰ্গহস্ত হৈ কংগ্ৰেছ কৰ্মী দেৱকান্ত কোৱৰে আজি তনুশ্যাম কোঁৱৰক শাৰীৰিক প্ৰহাৰ কৰে।

আহত পঞ্চায়ত ৱাড সদস্য তনুশ্যাম কোঁৱৰ বৰ্তমান খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন ।আনহাতে অভিযুক্ত কংগ্ৰেছৰ কৰ্মী দেৱকান্ত কোঁৱৰৰ ওপৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ খোৱাং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে স্থানীয় ৰাইজে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in