শেহতীয়া খবৰ
পাগলদিয়া নৈৰ বাঢ়নি পানীৰ তলত বুৰ গৈছে খৈৰকুছি প্ৰাথমিক বিদ্যালয়...  •  মাজুলীত নাও দুৰ্ঘটনা, সন্ধানহীন এজন, কথমপি প্ৰাণৰক্ষা দুজনৰ...  •  নলবাৰীত পৰিয়ালকেন্দ্ৰিক সংঘাত! ভাইবোৱাৰীক দাৰে আক্ৰমণ...  •  বাটগাঁৱত পথ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা চেঙা জিলা পৰিষদৰ সদস্যৰ...  •  শিৱসাগৰত ড্ৰাগছসহ ৩ যুৱক আটক...  •  নলবাৰীত বিদ্যুৎ খুঁটা ভাঙি কথমপি প্ৰাণৰক্ষা ছাত্ৰীৰ...  •  এন‌আৰচিৰ বায়'মেট্ৰিক প্ৰক্ৰিয়াৰ বাবে মুকলিকৈ ধনদাবী কৰ্মচাৰীৰ! VIDEO  •  শিলচৰ ষ্টেচনত ৰে’লৰ শৌচালয়ত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ...  •  হাইলাকান্দিত ১০ কোটি টকাৰ হীৰাসহ দুগৰাকী মহিলাক গ্ৰেপ্তাৰ...  •  চৰাইদেউত “গ্ৰীষ্মকালীন গীতৰ কৰ্মশালা”ৰ আয়োজন

শনিবাৰে ‘মৰাণ গ্ৰন্থমেলা’ৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীয়ে

264

ডিজিটেল সংবাদ, মৰাণঃ মৰাণত শনিবাৰৰে পৰা আৰম্ভ হৈছে মৰাণ গ্ৰন্থমেলা। স্বেচ্ছাসেৱী অনুষ্ঠান ‘সৃজন’ৰ উদ্যোগত আৰু মৰাণবাসী ৰাইজৰ সহযোগত মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত ১০ জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া মৰাণ গ্ৰন্থমেলাখনৰ আনুষ্ঠিকভাৱে শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা তথা শিশু সাহিত্য ন্যাসৰ সচিব হৃষীকেশ গোস্বামীয়ে। গুৱাহাটী, যোৰহাট, শিৱসাগৰ আৰু মৰাণৰ ৪২ খন গ্ৰন্থ বিপনীয়ে মৰাণ গ্ৰন্থমেলাত অংশ গ্ৰহণ কৰিছে।

শনিবাৰৰ উদ্বোধনী অনুষ্ঠানত মৰাণ বিধানসভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ, মৰাণ ৰাজহ চক্ৰ বিষয়া গীতাশ্ৰী লাচিত, মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ চিৰঞ্জীৎ ভট্টাচাৰ্য আৰু মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ৰাজীৱ বৰা উপস্থিত থাকে।

উদযাপন সমিতিৰ সভাপতি নৃপেন বৰুৱাই জানিবলৈ দিয়া মতে, প্ৰত্যেক দিনাই ছাত্ৰ-ছাত্ৰী উপকৃত হ’ব পৰাকৈ বিভিন্ন শৈক্ষিক প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে কেইবাখনো আলোচনা চক্ৰ অনুষ্ঠিত হ’ব গ্ৰন্থমেলাত। বিধায়ক চক্ৰধৰ গগৈয়ে গ্ৰন্থৰ প্ৰতি আমাৰ সমাজৰ সকলো লোকে মনোযোগ দিব লাগে বুলি কৈ গ্ৰন্থৰ উপকাৰিতা সম্বন্ধে শিশুসকলক শিকাব লাগে মন্তব্য কৰে। উল্লেখ্য যে, গ্ৰন্থমেলাৰ প্ৰথম দিনা বহু গ্ৰন্থপ্ৰেমীয়ে গ্ৰন্থৰ বিপনীত ভিৰ কৰা পৰিলক্ষিত হয়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি