মুখ্যমন্ত্ৰীয়ে নহয় ঘৰৰ পৰা ওলাব নোৱাৰা অৱস্থা বিজেপি নেতা-কৰ্মীৰ, মৰাণত কি হ’ল চাওক VIDEO

মুখ্যমন্ত্ৰীয়ে নহয় ঘৰৰ পৰা ওলাব নোৱাৰা অৱস্থা বিজেপি নেতা-কৰ্মীৰ, মৰাণত কি হ’ল চাওক VIDEO

ডিজিটেল সংবাদ, মৰাণঃ মৰাণত বিজেপি প্ৰৱেশ নিষিদ্ধ কৰিছে আছুৱে। শনিবাৰে মৰাণৰ খোৱাঙত বিজেপি নেতাৰ প্ৰৱেশক কেন্দ্ৰ কৰি সৃষ্ট হয় উত্তপ্ত পৰিস্থিতিৰ। বিজেপি নেতাক ক'লা পতাকা প্ৰদৰ্শন কৰিবলৈ যোৱা আছু নেতাক বিজেপিৰ গুণ্ডা বাহিনীৰ আক্ৰমণ চলোৱাৰ অভিযোগ। অৱশ্যে আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে পৰিস্থিতি।

উল্লেখ্য যে, ২১ জানুৱাৰীত হ'বলগীয়া সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ মৰাণৰ খোৱাং গন্দৈগুৰি গাঁৱলৈ আহিছিল খোৱাং সমষ্টি বিজেপি সমৰ্থিত প্ৰাৰ্থী দিপুৰঞ্জন মাৰ্কাৰী। আছু, আটাছু, কৃষক মুক্তিকে ধৰি কেইবাটাও জাতীয় সংগঠনে প্ৰাৰ্থীজনক খোৱাঙৰ গন্দৈগুৰিত ক'লা পতাকা দেখুৱাওতে একাংশ বিজেপি কৰ্মী আহি আছুৰ খোৱাং আঞ্চলিক সভাপতি অংকুৰ শইকীয়াক প্ৰহাৰ কৰে।

তাৰ পাছত ৰাইজে বিজেপি প্ৰাৰ্থীজনৰ লগতে বিজেপিৰ দলটোকে পহু খেদা দিয়ে। আনহাতে আছুৰ তৰফৰ পৰা ইতিমধ্যে বিজেপিৰ গুণ্ডাবাহিনীৰ বিৰুদ্ধে খোৱাং থানাত এজাহাৰ দাখিল কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in