মৰাণত ডাম্পাৰৰ খুন্দাত নিহত মহিলা, ক্ষোভিত ৰাইজৰ পথ অৱৰোধ…

মৰাণত ডাম্পাৰৰ খুন্দাত নিহত মহিলা, ক্ষোভিত ৰাইজৰ পথ অৱৰোধ…

ডিজিটেল সংবাদ, মৰাণঃ মৰাণত সংঘটিত হ'ল শোকাৱহ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত থিতাতে নিহত হয় এগৰাকী মহিলা। মৰাণৰ চেপন ডবাত এএছ০৪-বিচি-২৭০৩ নম্বৰ ডাম্পাৰে চাইকেলৰে যোৱা ৰাজলীয়া মাহালিক চাইকেলৰ পৰা পৰি যোৱাৰ পাছত মহতিয়াই লৈ যায়।

ইয়াৰ যাৰ ফলত ঘটনাস্থলীতে নিহত হয় ৰাজলীয়া মাহলি নামৰ মহিলাগৰাকী। ইফালে, কথমপি প্ৰাণৰক্ষা পৰে ৰাকেশ মাহালি নামৰ লোকজনৰ। উক্ত ঘটনাত ক্ষোভিত হৈ স্থানীয় ৰাইজে মৃতদেহটো লৈ চেপন-সোণাৰি সংযোগী পথ অৱৰোধ কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in