মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা, তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত চাহ শ্ৰমিক, VIDEO

মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা, তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত চাহ শ্ৰমিক, VIDEO

ডিজিটেল সংবাদ, মৰাণঃ মৰাণত শোকাৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত নিহত আশাৰাম মুড়া নামৰ এজন চাহ শ্ৰমিক। মৰাণ হিংৰীজান চাহ বাগিচাৰ তেলবাৰী লাইনত সংঘটিত হয় ভয়াৱহ দুৰ্ঘটনাটো। এ এছ ০৬ এ চি ৭২৮৮ নম্বৰৰ তীব্ৰবেগী ট্ৰাকখনৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই খোজ কাঢ়ি গৈ থকা শ্ৰমিক আশাৰাম মুড়াক মহতিয়াই নিয়ে।

দুৰ্ঘটনাটো সংঘটিত কৰি ট্ৰাকৰ চালকে পলায়ন কৰে। ইফালে, দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত শ্ৰমিকজনক মৰাণ তিলৈ এফ আৰ ইউত ভৰ্তি কৰিছিল যদিও তাতে শ্ৰমিকজনে শেষ নিশ্বাস ত্যাগ কৰে। আনহাতে, চৰাইদেউ জিলা মৰাণহাট থানাৰ আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in