মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা

মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা

ডিজিটেল সংবাদ, মৰাণঃ মৰাণত শনিবাৰে পুৱা সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। মৰাণ নতুন নগৰ এইছ পি তেল ডিপো সন্মুখত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যোৰহাট অভিমুখি এএছ০৬-এচি-৮০৭৫ নম্বৰৰ ট্ৰেভেলাৰ বাহনে এখন টিভিএছ আপাচি মটৰ চাইকেল মহতিয়াই নিয়ে।

দুৰ্ঘটনাৰ ফলত মটৰ চাইকেল আৰোহী কাছমাৰি দীপেন বৰা আৰু বামুনবাৰী নিপুল গোৱালা গুৰুতৰ ভাৱে আহত হয়। আহত মটৰ চাইকেল আৰোহী দুয়োকে প্ৰথমে মৰাণ তিলৈ এফ আৰ ইউত ভৰ্তি কৰা হয় যদিও অৱস্থা অধিক সংকটজনক হোৱা বাবে দুয়োকে এএমচিএইছলৈ প্ৰেৰণ কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in