মোৰাঝাৰত চুৰি গৰুসহ আটক দুই চোৰক…

মোৰাঝাৰত চুৰি গৰুসহ আটক দুই চোৰক…

ডিজিটেল সংবাদ, মোৰাঝাৰঃ মোৰাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত গণিপুৰত চুৰি গৰু সহ গৰু চোৰ আটক হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আটক কৰা গৰু চোৰ কেইটা হৈছে ছালেহ আহমেদ আৰু জুবেৰ আহমেদ । দুয়ো চোৰৰ ঘৰ বৰহাৱৰ গাঁৱত ।

জানিব পৰা মতে, মোৰাঝাৰ থানাৰ অধীনস্থ বৰহাওৰ গাঁৱৰ বাসিন্দা হুছেইন আহমেদ মজুমদাৰৰ গোহালিৰ পৰা সোমবাৰে নিশা এজনী গাই গৰু ৰছী কাটি চোৰে চুৰ কৰি লৈ যায় । চুৰি গৰু লৈ যোৱা সময়ত গণিপুৰ গাওঁৰক্ষী বাহিনীয়ে পুৱতি নিশা চুৰি গৰু সহ আটক কৰে দুই চোৰক । ৰাইজে উত্তম মাধ্যম দি গৰু সহ আটক কৰা চোৰক মোৰাঝাৰ আৰক্ষীক গতাই দিয়ে ।

আটক হোৱা গৰু চোৰ ছালেহ আহমেদে ৰছী কাটি গৰু চুৰি কৰি গণিপুৰৰ এজন খচাইক যোগান ধৰিবলৈ নিয়া বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছে। গৰু চোৰ কৰি গণিপুৰৰ খচাইক যোগাণ ধৰা বুলি স্বীকাৰ কৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । একাংশ গৰু কটা খচাইয়ে চোৰ নিযুক্ত কৰি ৰমৰমীয়া ব্যৱসায় চলাই গৈছে নেকি? ইয়াকে লৈ সচেতণ ৰাইজৰ মাজত প্ৰশ্নৰ অৱতাৰণা কৰিছে ।

আনহাতে বৰহাওৰ গাঁৱত দীৰ্ঘদিন ধৰি নিশাৰ ভাগত গাওঁৰক্ষী বাহিনীৰ কোনো ধৰণৰ পহৰা নথকা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। গাওঁৰক্ষী বাহিনীৰ পহৰা নথকাৰ সুযোগ লৈ চুৰি কাণ্ড সংঘটিত হোৱা বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in