‘মৃত্যু’ক বন্দী কেমেৰাত! চাওক VIDEO

‘মৃত্যু’ক বন্দী কেমেৰাত! চাওক VIDEO

ডিজিটেল ডেস্কঃ 'মা, তোমাক বহুত ভাল পাও৷ নক্সালবাদীয়ে আমাক ঘেৰি ধৰিছে৷ চৌদিশে কেৱল তেজ আৰু তেজ৷ গুলী ফুটিছে৷ মোৰ লগৰকেইজন এইমাত্ৰ ঢুকাল৷ তোমাক বহুত ভাল পাও মা৷ গুলী মোৰ গাৰ কাষেৰে পাৰ হৈ গৈছে৷ যদি জীয়াই থাকো তোমাক লগ পাম মা৷'-গাৰ নোম শিয়ৰি উঠা এটি ভিডিঅ'৷ ছ'চিয়েল মিডিয়াত ইতিমধ্যে ভাইৰেল হৈ পৰা ভিডিঅ'টোৱে সেমেকাই তুলিছে লক্ষজনৰ দুচকু৷

ছত্তীছগড়ৰ চৌদিশে নিৰ্বাচনী বতাহ৷ ১২ নৱেম্বৰত ৰাজ্যখনত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন৷ ৩০ অক্টোবৰত নিৰ্বাচনৰ বাতৰি সংগ্ৰহৰ বাবে ডাণ্টেৱড়াত উপস্থিত হৈছিল দূৰদৰ্শনৰ সাংবাদিক আৰু কেমেৰামেনৰ এটা দল। সাংবাদিকৰ দলটোৱে যাতে কোনো সমস্যাৰ সন্মুখীন নহয় তাৰ বাবে প্ৰশাসনে তেওঁলোকৰ সুৰক্ষাৰ বাবে প্ৰেৰণ কৰিছিল ১৫০-২০০ জনীয়া নিৰাপত্তাৰক্ষীৰ এটা দল।

সেই সময়তে তেওঁলোকৰ ওপৰত সংঘটিত হয় নক্সালবাদীৰ আক্ৰমণ। নিৰাপত্তাৰক্ষীসহ সেই আক্ৰমণত নিহত হয় অচ্যুতানন্দ ছাহু নামৰ দূৰদৰ্শনৰ এজন কেমেৰামেন। ঘটনাৰ প্ৰায় ১০-১২ ঘণ্টা পিছত ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটি হৃদয় বিদাৰক ভিডিঅ'। ভিডিঅ'টো শ্বেয়াৰ কৰি অধিকাংশ লোকে লিখিছে যে মৃত্যুৰ কেইমুহূৰ্তমান পূৰ্বে উক্ত ভিডিঅ'টো ৰেকৰ্ড কৰিছিল অচ্যুতানন্দই।

• কি আছে ভিডিঅ'টোত?

ভিডিঅ'টোত দেখা গৈছে এজন লোক মাটিত বুকু পেলাই ভয়াৰ্ত চিত্তে শুই আছে। ঠাইখিনি হাবি-বনেৰে ভৰপূৰ। পিছফালৰ পৰা গুলীৰ শব্দ শুনা গৈছে। তাৰ মাজতে কম্পিত কণ্ঠেৰে লোকজনে কেমেৰাৰ ফালে চাই কৈ গৈছে-

'সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলাইছে। আমি ডাণ্টেৱাড়ালৈ আহিছিলো নিৰ্বাচনৰ বাতৰি সংগ্ৰহৰ বাবে। এটা পথেৰে গৈ আছিলো। আমাৰ লগত আছিল সেনাৰ এটা দল। হঠাৎ নক্সালবাদীয়ে আমাক ঘেৰি ধৰিছে। মা, যদিহে মোৰ কোনোমতে প্ৰাণৰক্ষা পৰে, তেন্তে সেয়া ভাগ্য হ'ব। মা, মই তোমাক বহুত ভাল পাও। হয়তো এতিয়া এই আক্ৰমণত মোৰ মৃত্যু ঘটিব। পৰিস্থিতি মুঠেই ভাল নহয়। নাজানো কিয় মৃত্যুক সমুখত দেখিও মোৰ দেখোন অকণো ভয় লগা নাই। ইয়াৰ পৰা সাৰি যোৱাতো অসম্ভৱ যেন লাগিছে। লগত ৬-৭জন জোৱান আছে। চাৰিওফালৰ পৰা ঘেৰি ধৰিছে আমাক। তথাপিও মই এয়াই কম….।' এইখিনিতে শেষ হৈছে ভিডিঅ'টো।

• ভিডিঅ'টোত দেখা লোকজন নক্সালৰ গুলীত নিহত হৈছে নেকি?

বহুতেই কোৱাৰ দৰে চালেই চকুৰ লোতক সৰি পৰা ভাইৰেল ভিডিঅ'টোত দেখা পোৱা লোকজন নক্সালবাদীৰ গুলীত নিহত হৈছে নেকি? ভিডিঅ'টোত যিজন লোকক দেখা গৈছে তেওঁৰ নাম মৌৰ মুকুট শৰ্মা। বাতৰি সংগ্ৰহৰ বাবে যোৱা দূৰদৰ্শনৰ সাংবাদিকৰ দলটোৰ এজন সদস্য। মুকুটৰ লগতে সাংবাদিকৰ দলটোত আছিল কেমেৰামেন অচ্যুতানন্দ ছাহু আৰু সংবাদদাঁতা ধীৰাজ কুমাৰ। সংঘৰ্ষ চলি থকাৰ যি সময়ত মুকুট শৰ্মাই নিজৰ মোবাইলেৰে উক্ত ভিডিঅ'টো ৰেকৰ্ড কৰিছিল সেই সময়তে উক্ত সংঘৰ্ষত নিহত হয় কেমেৰামেন অচ্যুতানন্দ ছাহু। কথমপি প্ৰাণ ৰক্ষা পৰে মুকুটৰ। দলটোৰ আনজন সদস্য ধীৰাজ কুমাৰ পিছে পিছে আহি আছিল। তেওঁৰো প্ৰাণ ৰক্ষা পৰে। অচ্যুতানন্দৰ লগতে উক্ত ঘটনাত দুজনকৈ নিৰাপত্তাৰক্ষীও নিহত হয়।

• প্ৰকৃততে কি হৈছিল সেই দিনা?

দূৰদৰ্শনৰ সাংবাদিকৰ দল এটাই নক্সাল প্ৰভাৱিত অঞ্চলত হোৱা উন্নয়নৰ বাতৰি প্ৰস্তুতৰ বাবে ডাণ্টেৱাড়ালৈ গৈছিল। দলটোত আছিল সংবাদদাঁতা ধীৰাজ, কেমেৰামেন অচ্যুতানন্দ আৰু এছিছটেণ্ট কেমেৰামেন মুকুট। অঞ্চলটোৰ নীলাবয়াত নিৰাপত্তাৰক্ষীয়ে নক্সালবাদীৰ বিৰুদ্ধে এক অভিযান আৰম্ভ কৰিছিল। এই খবৰ পাই সমগ্ৰ এলেকাতো ঘেৰি লৈছিল নক্সালবাদীয়ে। ফলত দূৰদৰ্শনৰ দলটোও তাত আৱদ্ধ হৈ পৰে। সমগ্ৰ ঘটনা সন্দৰ্ভত ভাইৰেল ভিডিঅ'টোত দেখা পোৱা সেইদিনা কথমপি প্ৰাণৰক্ষা পৰা মুকুটে 'দৈনিক জাগৰণ'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এইদৰে বৰ্ণনা কৰিছে শ্বাসৰুদ্ধকৰ সেই সময়ৰ ঘটনাৰ-

প্ৰশাসনে আমাৰ সৈতে ১৫০-২০০জনীয়া এটা সুৰক্ষা বাহিনীৰ দল প্ৰেৰণ কৰিছিল। কিন্তু যি ঠাইৰ পৰা আমি লক্ষ্যস্থানলৈ যাবলগীয়া আছিল তালৈ যাবলৈ আমাক ৫খন বাইক দিয়া হয়। তিনিখন বাইকৰ পিছত আমি ৩জন সাংবাদিক উঠো, বাইককেইখন চলাইছিল চিআৰপিএফে। বাকী দুখন বাইকত দুজনকৈ ৪জন চিআৰপিএফ আছিল। চিআৰপিএফসহ আমি ১০জনে যাত্ৰা আৰম্ভ কৰিছিলো। গৈ থকাৰ মাজতে ৰৈ আমি পথৰ কাষত আঁৰি থোৱা পোষ্টাৰবোৰৰ ফটো লৈছিলো।

পথছোৱা আছিল নিৰ্জন আৰু জৰাজীৰ্ণ। পথৰ বাওফালে খেতিপথাৰ প্ৰত্যক্ষ কৰিছিলো, তাত শস্যবোৰ লহপহকৈ বাঢ়ি আহিছিল। আমি সেই ভিডিঅ' ল'বলৈ আৰম্ভ কৰিছিলো। ভিডিঅ' ৰেকৰ্ড কৰি আমি বাইকত উঠিবলৈ লোৱাৰ সময়তে পথাৰত শস্যবোৰৰ মাজত লুকাই থকা নক্সালবাদীয়ে গুলী চলাবলৈ আৰম্ভ কৰে।

সকলোৰে আগত গৈ আছিল কেমেৰামেন অচ্যুতানন্দ। নক্সালে গুলী চলোৱাৰ লগে লগে অচ্যুতানন্দ গৈ থকা বাইকখন বাগৰি পৰে। লগে লগে গুলীবৰ্ষণ ধাৰাসাৰ হ'বলৈ ধৰে। আমি কোনোমতে পথৰ সোফালৰ এটা দ খাৱৈত বাগৰি দিও। এতিয়া নক্সালবাদী আৰু আমাৰ মাজত আছিল ২৫-৩০ ফুট দৈৰ্ঘ্যৰ এটা পথ।

ভিডিঅ'টো সন্দৰ্ভত ক'বলৈ গৈ মুকুটে আৰু কয়, 'ভিডিঅ'টো ৰেকৰ্ডিং কৰাৰ সময়ত মোৰ বহুত পিয়াহ লাগিছিল। মই মোৰ লগত থকা জোৱানজনক পানী আছে নেকি সুধিছিলো। তেওঁ কৈছিল যে সেই মুহূৰ্তত একোৱেই পোৱাতো সম্ভৱ নহয়। এনে লাগিছিল যেন মোৰ ডিঙি শুকাই ফাটি যাব। ভাব হৈছিল যে মৃত্যু আহি মোৰ সমুখত থিয় দিছে। ভাবিলো যে চকুৰ সমুখতে মোৰ বন্ধু কেমেৰামেন অচ্যুতানন্দ চিৰ দিনৰ বাবে আঁতৰি গ'ল, গতিকে মোৰ হাততো সময় তেনেই কম। যি হয় হ'ব বুলি ভাবি ঠিৰাং কৰিলো যে জীৱনৰ শেষ মুহূৰ্তখিনি কেমেৰাত বন্দী কৰি থৈ যাও। লগে লগে মই মোবাইলটো হাতত সাৰে ভৰিত সাৰে পকেটৰ পৰা উলিয়াই ৰেকৰ্ডিং কৰিবলৈ আৰম্ভ কৰিলো। সেই সময়ত মাৰ মুখখন মোৰ দুচকুত ভাহি উঠিছিল। মই ভগৱানৰ নাম ল'লো, গীতা পঢ়িছিলো বাবে গীতাৰ শ্লোক এটা মনত পেলালো। মই নিজকে নিজে ক'লো, হে প্ৰভু মোৰ জীৱন ইমানলৈকে আছিল, মই তোমাৰ কাষলৈকে যাবলৈ ওলাইছো।'

ভিডিঅ'টো আধাতে বন্ধ হৈ যোৱা সন্দৰ্ভত মুকুটে কয়, 'যি ঠাইত মই বাগৰি আছিলো, তাত বহুতো চৰাইৰ বাহ আছিল। চৰাইবোৰ মোৰ গাৰ ওপৰত পৰি কোৰ্হাল কৰিবলৈ লৈছিল। সেয়ে মই ভিডিঅ'টো বন্ধ কৰিবলগীয়াত পৰো। যদিহে চৰাইকেইটাক খেদি ৰেকৰ্ডিং কৰি থাকিলোহেতেন তেন্তে সিহঁতে আৰু চিঞৰ-বাখৰ কৰিলে নক্সালবাদীয়ে মোক দেখিলেহেতেন আৰু গুলীয়াই দিলেহেতেন। সেয়ে মই লৰচৰ নকৰাকৈ শুই পৰো।'

ভিডিঅ'টোৰ পিছত কি হৈছিল? মুকুটে কৈ গৈছে, '৪০ মিনিট ধৰি গুলীয়াগুলী চলি আছিল। এনে ভয়ানক শব্দ মই আগতে কেৱল চিনেমাত শুনিছো, সেই শব্দই সমগ্ৰ অৰণ্য ভেদি গৈছিল। এনে লাগিছিল যেন শ শ নক্সালবাদীয়ে আক্ৰমণ চলাইছে। আমাৰ লগত আছিল মাত্ৰ ৭জন জোৱান, ইয়াৰে দুজন ইতিমধ্যে মৃত্যুৰ কোলাত ঢলি পৰিছিল। চিআৰপিএফৰ যিটো দল মূল পথতে ৰৈ আছিল, সেই দলটো ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি কোনোমতে নিয়ন্ত্ৰণ কৰে। চিআৰপিএফৰ বৃহৎ দল দেখি জোৱান দুজনৰ একে ৪৭ আৰু অচ্যুতানন্দৰ কেমেৰাটো লৈ তাৰ পৰা পলায়ন কৰিছিল নক্সালবাদীৰ দলটো।

মুকুটে জনোৱা মতে গুলীয়াগুলীত তেওঁ সামান্যভাৱে আঘাতপ্ৰাপ্ত হৈছে। অচ্যুতানন্দৰ মূৰত গুলী লগাত থিতাতে মৃত্যু ঘটে। মুকুটে আৰু কয় যে নক্সালবাদীয়ে গুলীয়াই হত্যা কৰাতে ক্ষান্ত নাথাকি অচ্যুতানন্দৰ মৃতদেহটোৰ ডিঙিত তৰোৱালেৰে কাটি দুছেও কৰিছিল। হঠাৎ হোৱা এই ঘটনাত এজন চিআৰপিএফে ভুলতে বাওফালে গুচি যোৱাত লুকাই থকা নক্সালীয়ে তেওঁক নৃশংসভাৱে হত্যা কৰে। মুকুটে জনোৱা মতে সেই সময়তে তেওঁৰ সৈতে সাংবাদিক ধীৰাজ আৰু এজন জোৱানো একেটা ঠাইতে লুকাই আছিল। কাণতাল মাৰি যোৱা গুলীৰ শব্দত তেনেকৈয়ে প্ৰায় ৪০ মিনিট কটাই সতীৰ্থক হেৰুৱাই মৃত্যুৰ মুখৰ পৰা কথমপি ঘূৰি আহে মুকুট আৰু ধীৰাজ।

মৃত্যুৰ প্ৰায় ৪০-৪৫ মিনিট পূৰ্বে ন্ক্সাল প্ৰভাৱিত ডাণ্টেৱাড়া অঞ্চলৰ শিশুসকলৰ সৈতে এনেদৰে ছেলফি তুলিছিল কেমেৰামেন অচ্যুতানন্দই…
মৃত্যুৰ প্ৰায় ৪০-৪৫ মিনিট পূৰ্বে ন্ক্সাল প্ৰভাৱিত ডাণ্টেৱাড়া অঞ্চলৰ শিশুসকলৰ সৈতে এনেদৰে ছেলফি তুলিছিল কেমেৰামেন অচ্যুতানন্দই…

• অচ্যুতানন্দৰ কাহিনী

২০১৩ চনত দূৰদৰ্শনত যোগদান কৰিছিল ওড়িশাৰ ঘুচুুৰামুন্দা গাঁৱৰ অচ্যুতানন্দই। ২০১৬ চনত বিবাহপাশত আৱদ্ধ হৈছিল অচ্যুতানন্দ। তৃতীয় বিবাহ বাৰ্ষিকীৰ বাবে ফেব্ৰুৱাৰীত ছুটী লৈ ঘৰলৈ যোৱাৰ কথা আছিল সংবাদকৰ্মীজন। কৰ্মসূত্ৰে দিল্লীত থকা অচ্যুতানন্দই পত্নীকো কিছুদিন পূৰ্বে দিল্লীলৈ লৈ আহিছিল। দিল্লীৰ দ্বাৰকাত ভাৰা লৈ আছিল দুয়ো।

ঘটনা সংঘটিত হোৱাৰ দুদিন পূৰ্বে ৬০ হাজাৰ টকাৰে এটা কেমেৰা ক্ৰয় কৰিছিল অচ্যুতে। সেই কেমেৰাটোও সেইদিনা লগতে লৈ গৈছিল তেওঁ। পুৱা ৮ বজাত পত্নীক মৰমৰ মাত লগাই ছত্তীছগড় অভিমুখে ৰাওনা হৈছিল অচ্যুতানন্দ। দুপৰীয়া ৰুমতে থাকি আমনি লগাত টিভি খুলি দেখিছিল সেই ব্ৰেকিং নিউজ। ডাণ্টেৱাড়াত নক্সালবাদীৰ গুলীত চিআৰপিএফসহ নিহত দূৰদৰ্শনৰ কেমেৰামেন। খবৰটো পায়েই থিতাতে ঢলি পৰিছিল পত্নী হিমাঞ্চলী ছাহু। এই দুসংবাদৰ কিছুদিন পূৰ্বে এটি মৃত সন্তানো প্ৰসৱ কৰিছিল দুৰ্ভগীয়া হিমাঞ্চলীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in