পৰাগ, কম-বেছি পৰিমানে আমি আটায়ে অপৰাধী : সমীৰ তাঁতী

পৰাগ, কম-বেছি পৰিমানে আমি আটায়ে অপৰাধী : সমীৰ তাঁতী

বিশিষ্ট সাংবাদিক পৰাগ দাসৰ জন্মদিনত বিশিষ্ট কবি সমীৰ তাঁতীৰ অনুভৱেৰে আজিৰ 'মোৰ মত' ….

কম বেছি পৰিমানে আমি আটায়ে অপৰাধী

পৰাগ কুমাৰ দাস প্ৰিয়বৰেষু

পৰাগ, কম-বেছি পৰিমানে আমি আটায়ে অপৰাধী । অপৰাধ নকৰাকৈ অপৰাধ স্বীকাৰ কৰোঁ । এঘৰীয়া হওঁ ,জেলত থাকোঁ অপৰাধ অনুসাৰে । পৃথিবীত এনে মানুহো আছে যি অপৰাধ নকৰাকৈ নিৰ্বাসিত হয়,আত্মগোপন কৰে মৃত্যুৰ আদেশ পায় । ভাই,অপৰাধ নকৰে কোনে ? মহাপুৰুষৰ নামত উন্মাদ নাগৰিকে ,দেৱতা নে ভগবানে ? সকলো শুদ্ধ আছিল মেঘ,মাটি,মৃত্যু। কুশলে আছিলা তুমি,কুশলে আছিলোঁ আমি । কেবল সপোনতে আমাক দণ্ড বিহা হৈছিল এনে এটি কবিতাৰ বাবে । নাম তাৰ মহাজীৱন ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in