শেহতীয়া খবৰ
মুখ খুলি নক’লেও টিকট নাপায় বহু অসন্তুষ্টিত আছে কামাখ্যা প্ৰসাদ তাছা...  •  অন্তঃত এদিনৰ বাবে সকাহ…  •  গোৱালপাৰাত ৩দিনীয়া কাৰ্যসূচীৰে ৰাভা ছাত্ৰ সন্থাৰ দ্বাদশ দ্বি-বাৰ্ষিক অধিবেশন, VIDEO  •  যমদুৱাৰ বনভোজস্থলীত অঘটন, নদীত পৰি সন্ধানহীন অৰুণাচলৰ ছাত্ৰ...  •  চৰাইদেউত বিকল খোৱাপানী যোগান আঁচনি, ক্ষুব্ধ স্থানীয় ৰাইজ... VIDEO  •  নাজিৰাত দুৰ্বৃত্তই হত্যা কৰি মৃতদেহ পেলাই দিলে পুখুৰীত...  •  দিল্লীৰ বিবাহস্থলীত দুৰ্বৃত্তৰ গুলীবৰ্ষণ, গুৰুতৰভাৱে আহত এজন  •  মঙলবাৰে নিৰ্বাচনী আয়োগৰে ছ’চিয়েল মিডিয়াৰ প্ৰতিনিধিৰ গুৰুত্বপূৰ্ণ বৈঠক...  •  হাৰিয়ানাত চিআৰপিএফৰ ৮০ সংখ্যক বাৰ্ষিক অধিবেশন...  •  আগন্তুক লোকসভা, বিধানসভা নিৰ্বাচনৰ বাবে সাজু অন্ধপ্ৰদেশৰ তেলেগু দেশম পাৰ্টি

এক নতুন অভিলেখ, পৃথিৱীলৈ প্ৰেৰণ চন্দ্ৰৰ বিপৰীত ফলকৰ প্ৰথমখন ফটো…

1,845

ডিজিটেল ডেস্কঃ পুনৰ আন এক অভিলেখ গঢ়িবলৈ সক্ষম হ’ল চীন। চীনে নিক্ষেপ কৰা মহাকাশ যানে বৃহস্পতিবাৰে সফলতাপূৰ্বক অৱতৰণ কৰিলে চন্দ্ৰপৃষ্ঠত। কিন্তু মহাকাশ যানখনে চন্দ্ৰপৃষ্ঠত অৱতৰণতো পূৰ্বে বহু কেইখন দেশৰ মহাকাশযানে কৰিছে বুলি যদি ভাবিছে, তেন্তে জানি লওঁক চীনে একমাত্ৰ তথা প্ৰথম দেশ, যিখন দেশৰ মহাকাশ যানে চন্দ্ৰৰ বিমুখ ফলক অৰ্থাৎ সাধাৰণতে চন্দ্ৰৰ যিটো দিশত মহাকাশযানে অৱতৰণ কৰে যাৰ বিপৰীতে দিশে অৱতৰণ কৰে।

বিশ্বৰ ভিতৰতে চন্দ্ৰৰ বিমুখ ফলকত মহাকাশযান সলফতাৰে অৱৰণ কৰাৰ পাছত মহাশক্তি হিচাপে পৰিগণিত হৈছে চীন। চীনৰ ৰাষ্ট্ৰীয় মহাকাশ প্ৰশাসন (চিএনএছএ)য়ে ঘোষণা কৰে যে, মহাকাশযান চাংগ’ই-৪য়ে চন্দ্ৰৰ দ্বিতীয়টো দিশৰ ভূপৃষ্ঠত অৱতৰণ কৰিছে আৰু তাৰ পৰা ফটো পঠিয়াইছে। মহাকাশযানখনে পূৰ্ব নিৰ্ধাৰিত স্থানত চীনৰ স্থানীয় সময় অনুসৰি পুৱা ১০.২৬ বজাত অৱতৰণ কৰে।

উল্লেখ্য যে, চাংগ’ই-৪ নামৰ মহাকাশযানখনে যোৱা ৮ ডিচেম্বৰত চীনে নিক্ষেপ কৰিছিল। আৰু চন্দ্ৰৰ বিমুখ ফলকৰ পৰা ফটো পঠিওৱা চীনৰ মহাকাশযানখন সমগ্ৰ বিশ্বতেই প্ৰথম।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি