ভাৰত – ইংলেণ্ডৰ টেষ্ট শৃংখলাক তেণ্ডুলকাৰ – কুক নামেৰে নামাকৰণ কৰাৰ আহ্বান…

ভাৰত – ইংলেণ্ডৰ টেষ্ট শৃংখলাক তেণ্ডুলকাৰ – কুক নামেৰে নামাকৰণ কৰাৰ আহ্বান…

ডিজিটেল ডেস্ক : ভাৰত আৰু ইংলেণ্ডৰ মাজৰ টেষ্ট শৃংখলা তেণ্ডুলকাৰ আৰু কুকৰ নামেৰে নামাকৰন কৰাৰ আহ্বান কৰে ইংলেণ্ডৰ প্ৰাক্তন স্পিনাৰ মন্টি পানেচাৰে । এক টুইট যোগে এই মন্তব্য কৰে ইংলেণ্ডৰ প্ৰাক্তন স্পীনাৰ গৰাকীয়ে । ইফালে খেলুৱৈ গৰাকীৰ মন্তব্যত সমৰ্থন জনাই ক্ৰিকেট অনুৰাগী সকলে ৰিটুইট কৰে । যাৰ ফলত টুইটটো ভাইৰেল হৈ পৰে সামাজিক মাধ্যমত ।

প্ৰাক্তন স্পিনাৰ মন্টি পানেচাৰে টুইটত লিখে যে "ভাৰত বনাম ইংলেণ্ড টেষ্ট শৃংখলাক তেণ্ডুলকাৰ-কুক ট্ৰফীৰ নামেৰে নামাকৰণ কৰা উচিত, দুয়ো গৰাকী ক্ৰিকেটাৰে ইজনে সিজনৰ বিৰুদ্ধে যথেষ্ট খেলিছে আৰু দুয়োজনে যথেষ্ট সংখ্যক ৰাণ সংগ্ৰহ কৰিছে। আমি শচীন তেণ্ডুলকাৰক ক্ৰিকেটৰ এক ডাঙৰ কিংবদন্তি হিচাপে জানো । কিন্তু তেওঁৰ নামত আমাৰ এটা শৃংখলাতো নাই ।"

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in