কোৰোনাৰ বাবে সদনৰ বৰ্ষাকালীন আধিবেশন স্থগিত হোৱাৰ সম্ভাবনা..

কোৰোনাৰ বাবে সদনৰ বৰ্ষাকালীন আধিবেশন স্থগিত হোৱাৰ সম্ভাবনা..

ডিজিটেল ডেস্ক : সংসদৰ বৰ্ষাকালীন অধিবেশন কোৰোনাৰ ভয়াবহতাৰ বাবে নিৰ্ধাৰিত সময়তকৈ ৮ দিন আগত অৰ্থাৎ বুধবাৰৰ পৰা আনিৰ্দিষ্ট কাললৈ স্থগিত কৰিব পাৰে । কিছু মন্ত্ৰীৰ লগতে সাংসদ কোৰোনাত আক্ৰান্ত হোৱাৰ বাবে এই সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে । জানিব পৰা মতে বুধবাৰে ৰাজ্যসভাত ৫ খন বিধেয়ক উত্থাপন কৰাৰ পিছত অনিৰ্দিষ্ট কাললৈ স্থগিত কৰিব পাৰে ।

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই নিম্ন সদনৰ বৈঠক বুধবাৰে দুপৰীয়া তিনি বজাৰ পৰা সন্ধিয়া ৬ বজালৈ অনুষ্ঠিত হ'ব ।শূণ্য কালত কিছু বিষয় আলোচনাৰ পিচত নিম্ন সদনৰ বৈঠক অনিৰ্দিষ্ট কাললৈ স্থগিত কৰা হ'ব ।১৪ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা দুয়োটা সদনত বহু বিধেয়ক গৃহীত হৈছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in