মনৰ কথা/৯ঃ আৰু এজন তৰুণ গগৈৰ মৃত্যু হ’ল!

মনৰ কথা/৯ঃ আৰু এজন তৰুণ গগৈৰ মৃত্যু হ’ল!

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দৰেই তেওঁ। একেই জনপ্ৰিয়তা। এজন বাস্তৱৰ, এজন অভিনয় জগতৰ। তৰুণ গগৈৰ মৃত্যুৰ পাছত তেওঁ ব্যৰ্থিত। কলে কেনেদৰে তৰুণ গগৈৰ চৰিত্ৰটো কেমেৰাৰ সন্মুখত তুলি ধৰিছিল। তৰুণ গগৈয়েও সেই অভিনয় চাই অভিভূত হৈ পৰিছিল। প্ৰথমে চুপতি নামৰ এক অনুষ্ঠানৰ জৰিয়তে আত্মপ্ৰকাশ কৰিছিল অংশুমান ভূঞাই। অভিনেতাগৰাকী তাৰপাছত এটাই পৰিচয় হৈ পৰিছিল- চি এম, গগৈ, তৰুণ গগৈ ইত্যাদি। এজন জীৱন্ত ব্যক্তিক তুলি ধৰিছিল তেওঁ। তৰুণ গগৈৰ মৃত্যুৰ লগে লগে অৱসান ঘটিল এটা যুগৰ। হেৰাই গল সেই পৰিচিত সংলাপবোৰ। পুনৰ মঞ্চত বা কেমেৰাৰ আগত তৰুণ গগৈ ৰূপত ধৰা দিব নিবিচাৰে অসমৰ অতিকৈ জনপ্ৰিয় অভিনেতা অংশুমান ভূঞাই। অংশুমান ভূঞাৰ সৈতে তৰুণ গগৈৰ মৃত্যুৰ পাছত মৃদুল কুমাৰ সন্দিকৈৰ সৈতে মনৰ কথা

সকলোৰে চকুত চকুপানী। বুকুত দুখ আৰু শোকৰ পাহাৰ। চিৰ পৰিচিত মানুহজন চিৰদিনলৈ গুচি যোৱাৰ দুখত ম্ৰিয়মান। ২৪নৱেম্বৰৰ ২০২০ৰ পুৱা ৯.৪৫মিনিটত আৰম্ভ হৈছিল GMCHৰ পৰা অন্তিম যাত্ৰা। অগণন মানুহ সমবেত হৈছিল তেওঁক শেষ বিদায় জনাবলৈ। সংগী হৈছিল এই অন্তিম যাত্ৰাৰ।

মন গ'লেই তেওঁ কৈ দিছিল মনৰ কথা। কাৰোলৈ তেওঁৰ নাছিল ভয়। এজন আপোনভোলা মানুহৰ দৰেই সামৰি থৈছিল ৰাজনৈতিক জীৱনৰ অভিজ্ঞতা। সেই স্বভাৱসুলভ ভংগীমাৰে তেওঁ কব পাৰিছিল, THIS IS ALSO IMPORTANT MATTER…

কেৱল এয়াই নহয়, তেওঁ কৈ দিছিল- মিছা ক'লে কি ডাল হ'ব। সেই মানুহজনৰে সাইলাখ অভিনয়েৰে মানুহৰ অন্তৰ জিনিছিল আন এজন তৰুণ গগৈয়ে। নাম তেওঁৰ অংশুমান ভূঞা। তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা কালচাৰেল ষ্টাডি বিষয়ত অধ্যয়ন সমাপ্ত কৰি অভিনয়ৰ সৈতে জড়িত হৈ পৰা তেওঁৰো পৰিচয় হৈ পৰিচয় হৈ পৰিছিল CM তৰুণ গগৈ বুলি।

কেমেৰাৰ সন্মুখত, মঞ্চত তৰুণ গগৈৰ চৰিত্ৰ তুলি ধৰিছিল তেঁও। খোদ মুখ্যমন্ত্ৰী হৈ থকা সময়ত সেই চৰিত্ৰ চাই অভিভূত হৈছিল তৰুণ গগৈ। আজি তেওঁৰ চকুতো চকুপানী। হয়তো ইয়াৰ পাছত তেওঁক তৰুণ গগৈৰ ৰূপত আৰু দেখা পোৱা নাযাব।

অতি সুক্ষ্মভাৱে তৰুণ গগৈক পৰ্যবেক্ষণ কৰি এই চৰিত্ৰ ৰূপায়ন কৰিছিল অংশুমান ভূঞাই। এতিয়া তেওঁ এইবোৰ কথাক লৈ বা তৰুণ গগৈৰ চৰিত্ৰ ৰূপায়ন কৰি ধেমালি কৰিব নিবিচাৰে। অসমৰ অন্যতম জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউট পোষ্টৰ শ্বুটিং স্থলীত কিছু সময় উলিয়াই তৰুণ গগৈৰ মৃত্যুৰ পাছত আৱেগিকভাৱে কলে বহু কথা…

সম্পূৰ্ণ খণ্ডটি চাবলৈ ক্লিক কৰকঃ

আমাৰ ফেচবুক লিংকঃ

https://www.facebook.com/asomiya.pratidin/videos/3639083742780931

আমাৰ ইউটিউব লিংকঃ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in