মনৰ কথা/১০ : চেলেকা চাহ,ভোট জলকীয়া চাহ বাঁহ গাজৰ চাহ বনোৱা মানুহজন…

মনৰ কথা/১০ : চেলেকা চাহ,ভোট জলকীয়া চাহ বাঁহ গাজৰ চাহ বনোৱা মানুহজন…

অসমৰ এজন উদ্যোগপতি । নাম ৰঞ্জিত বৰুৱা । চাহক লৈ তেওঁ কৰিছে পৰীক্ষা । ক্ষুদ্ৰ খেতিয়কৰ পৰা সংগ্ৰহ কৰা চাহেৰে প্ৰস্তুত কৰিছে বিভিন্ন প্ৰকাৰৰ চাহ । তেওঁ প্ৰস্তুত কৰা চাহ ডিচেম্বৰত মুকলি হ'ব অষ্ট্ৰেলিয়াৰ বজাৰত । পত্নী ডলী বৰুৱাৰ সৈতে মিলি প্ৰস্তুত কৰি উলিয়াইছে ভোট জলকীয়া চাহ, বাঁহ গাজৰ চাহ, পানৰ চাহ আদি । এই সকলো বিষয় সামৰি মৃদুল কুমাৰ সন্দিকৈৰ সৈতে এৰ'মিকা চাহৰ প্ৰতিষ্ঠাপক ৰঞ্জিত বৰুৱা আৰু পত্নী ডলী বৰুৱাৰ 'মনৰ কথা'

ৰুদ্ৰাক্ষৰ গুটিৰ পৰাও প্ৰস্তুত কৰিছে এবিধ বিশেষ চাহ । গোলাপৰ পৰা প্ৰস্তুত কৰি উলিয়াইছে ভেলেন্টাইন টি । মধুমেহ ৰোগীৰ বাবেও তেওঁ প্ৰস্তত কৰিছে মিৰাকল টি । কেৱল এয়াই নহয় ৩২ প্ৰকাৰৰ চাহ প্ৰস্তুত কৰিছে ইতিমধ্যে । বিশ্ব বিভিন্ন দেশত আছে তেওঁৰ গ্ৰাহক । প্ৰতি কেজিত ১.৬ লাখ টকাকৈ বিক্ৰী হৈছে ৰঞ্জিত বৰুৱাই প্ৰস্তুত কৰা এবিধ বিশেষ চাহ । এৰ'মিকা টি নতুনকৈ আৰম্ভ কৰিছে এটি বিশেষ চাহ । যাৰ নাম দিছে চেলেকা চাহ ।

ইপিনে বিদেশৰ কোম্পানীৰ সৈতেও চুক্তিবদ্ধ হৈছে ৰঞ্জিত বৰুৱাৰ এৰ'মিকা টি । ২০২০ বৰ্ষৰ ডিচেম্বৰত অষ্ট্ৰেলিয়া বাসীৰ বাবে উপলব্ধ হ'ব এৰ'মিকাৰ চাহ । এই সকলো বিষয় সামৰি মৃদুল কুমাৰ সন্দিকৈৰ সৈতে এৰ'মিকা চাহৰ প্ৰতিষ্ঠাপক ৰঞ্জিত বৰুৱা আৰু পত্নী ডলী বৰুৱাৰ 'মনৰ কথা' ।

অনুষ্ঠানটি সম্পূৰ্ন ৰূপে চাবলৈ তলৰ লিংকত ক্লিক কৰক –

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in