বান্দৰৰ খুন্দাত মন্দিৰত পূজা দিবলৈ যোৱা মহিলাৰ মৃত্যু

বান্দৰৰ খুন্দাত মন্দিৰত পূজা দিবলৈ যোৱা মহিলাৰ মৃত্যু

ডিজিটেল ডেস্কঃ বান্দৰৰ খুন্দাত মহিলাৰ মৃত্যু। এই ঘটনা সংঘটিত হৈছে পশ্চিমবংগত। ৰাজ্যখনৰ নবদ্বীপৰ এটি মন্দিৰত সংঘটিত হয় এই অঘটন। নবদ্বীপৰ গৌৰ গোপীনাথ মন্দিৰ দৰ্শনৰ বাবে অহাৰ সময়তে মহিলাগৰাকী বান্দৰৰ কবলত পৰে।

প্ৰত্যক্ষদৰ্শীসকলে জনোৱা মতে, মন্দিৰটোৰ ছাদত থিয় হৈ চকু মুদি প্ৰণাম কৰিছিল সৰস্বতী দাস নামৰ প্ৰায় ৪৫ বছৰীয়া এগৰাকী মহিলাই। সেই সময়তে তাত থকা বান্দৰ এটাই দৌৰি যাওতে মহিলাগৰাকীক খুন্দা মাৰে।

বান্দৰৰ খুন্দাত ছাদৰ পৰা তলত পৰি যায় মহিলাগৰাকী। ঘটনাটোত গুৰুতৰভাৱে আহত মহিলাগৰাকীক সমীপৱৰ্তী এখন চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

বান্দৰৰ খুন্দাত এনেদৰে এগৰাকী মহিলা মৃত্যুমুখত পৰাত মন্দিৰটো দৰ্শনৰ বাবে অহা তীৰ্থযাত্ৰীসকল আতংকিত হৈ পৰে। উল্লেখ্য যে দেশৰ অধিকাংশ স্থানৰ মন্দিৰতে বান্দৰে দৰ্শনাৰ্থীসকলৰ পৰা কেমেৰা, চছমা, মোবাইল, বেগ আদি কাঢ়ি নিয়াৰ ঘটনা সংঘটিত হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in