ডকমকা কাণ্ডৰ পুনৰাবৃত্তি! মনিপুৰত মৰিয়াই মৰিয়াই হত্যা যুৱকক

ডকমকা কাণ্ডৰ পুনৰাবৃত্তি! মনিপুৰত মৰিয়াই মৰিয়াই হত্যা যুৱকক

ডিজিটেল ডেস্কঃ অভি-নীলৰ সেই নাৰকীয় হত্যাকাণ্ডই জোকঁৰি গৈছিল সমগ্ৰ বিশ্বক। অসমৰ পৰা পৰা আৰম্ভ কৰি আফ্ৰিকালৈ, সকলোৱে নিন্দা কৰিছিল এই ঘটনাক। সকলোৱে কামনা কৰিছিল বিশ্বৰ কোনো প্ৰান্তত সংঘটিত নহওক এনে ঘটনা। কিন্তু ডকমকাৰ সেই নাৰকীয় হত্যাকাণ্ডৰ পৰা শিক্ষা নল'লে অসমৰ চুবুৰীয়া ৰাজ্য মনিপুৰে।

বৃহস্পতিবাৰে মনিপুৰৰ ইম্ফলৰ পশ্চিম জিলাৰ থৌৰৌইজাম গাৱত এজন শিক্ষিত যুৱকক গাড়ীচুৰৰ সন্দেহত মৰিয়াই মৰিয়াই হত্যা কৰিলে স্থানীয় লোকে। বৃহস্পতিবাৰে এজন বন্ধুৰঘৰত ফুৰিবলৈ যোৱা ফাৰুক খান নামৰ ২৬ বছৰীয়া যুৱক জনক গাৱৰ ৰাইজে হানি খুচি হত্যা কৰে। ঠিক ডকমকা কাণ্ডৰ দৰেই নিৰ্মম অত্যাচাৰ সহ্য কৰিব নোৱাৰি প্ৰাণ গ"ল উদ্যমী যুৱকজনৰ ।

স্কুলীয়া দিনৰে পৰা যথেষ্ট মেধাৱী যুৱকজনে শেহতীয়াকৈ বেংগলুৰুৰ এক প্ৰতিষ্ঠানৰ পৰা সমাপ্ত কৰিছে এম বি এৰ পাঠ্যক্ৰম ।তাৰ পাছতে গ্ৰামাঞ্চলৰ অৰ্থনীতিক টনকিয়াল কৰিবলৈ অহৰহ প্ৰচেষ্টা কৰা উদ্যমী যুৱকজনে মনিপুৰৰ ৱাংগই চহৰত বেম্ব কেফে নামেৰে এখন ৰেষ্টুৰেন্টো আৰম্ভ কৰিছিল।

বৃহস্পতিবাৰে যুৱকজনক হানি খুচি হত্যাৰ ভিডিঅ'ও ভাইৰেল হৈছে ছচিয়েল মিডিয়াত । গাৱৰ ৰাইজৰ দাবী গাড়ীচুৰৰ বাবে ফাৰুকৰ লগত অহা আৰু দুজন পলায়ন কৰিছে। ইতিমধ্যেই ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পাঁছজন লোকক।

মনিপুৰৰ মানৱধিকাৰ আয়োগে এই ঘটনাক তীব্ৰভাষাৰে গৰিহণা দিয়াৰ লগতে মনিপুৰৰ আৰক্ষী সঞ্চালকক অহা ২২ চেপ্তেম্বৰৰ ভিতৰত ঘটনাৰ তদন্ত কৰি ৰিৰ্পট দাখিল কৰিবলৈ আহ্বান জনাইছে। উল্লেখ্য যে, নিহত ফাৰুক আলীৰ পিতৃ মনিপুৰৰ এজন অৱসৰপ্ৰাপ্ত উচ্চপদস্থ শিক্ষা বিষয়া ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in