প্ৰাইভেট স্পৰ্টছ একাডেমী মণিপুৰ ফাইনেলত প্ৰৱেশ…

প্ৰাইভেট স্পৰ্টছ একাডেমী মণিপুৰ ফাইনেলত প্ৰৱেশ…

ডিজিটেল সংবাদ, আন্ধেৰীঘাট: দৰঙৰ দুনী মিনি ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা ঘৃণাই শইকীয়া সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ আজি প্ৰথমখন চেমি ফাইনেল অনুষ্ঠিত হয়। দুনী কৃষ্টি সংঘৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিযোগিতাত প্ৰাইভেট স্পৰ্টছ একাডেমী মণিপুৰ আৰু অসম পুলিচ ৰেডিঅ' অপাৰেটৰৰ মাজত অনুষ্ঠিত চেমি ফাইনেলত ৩-১ গলত প্ৰাইভেট স্পৰ্টছ একাডেমী মণিপুৰ বিজয়ী হয়।

খেল খনৰ প্ৰথমাৰ্ধৰ ১৭ মিনিটত মণিপুৰৰ দলটোৰ হৈ ১০ নম্বৰ খেলুৱৈ জিমিয়ে অসম পুলিচক প্ৰথমটো গ'ল দিয়ে। আনহাতে খেল খনৰ দ্বিতীয়াৰ্ধৰ ১৬ মিনিটত অসম পুলিচ ৰেডিঅ' অপাৰেটৰৰ হৈ পিংকু শৰ্মাই এটা গ'ল পৰিশোধ কৰি খেল খনৰ সমতা স্থাপন কৰে যদিও তীব্ৰ উত্তেজনা সৃষ্টি হোৱা খেল খনত মণিপুৰৰ হৈ ২১ মিনিটত আফ্ৰিকান ফুটবল তাৰকা চাৰফেনে এটা গ'ল আৰু নাইজেৰিয়াৰ খেলুৱৈ ৰোনাল্ডএ ৩৫ মিনিটত ধাৰাবাহিক ভাৱে আন এটা গল দি ৩-১ গ'লৰ ব্যৱধানত মণিপুৰ প্ৰাইভেট স্পৰ্টছ একাডেমী ফাইনেলত প্ৰবেশ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in