২৩ ফেব্ৰুৱাৰীৰ পৰা গ্ৰন্থৰ সুবাসেৰে সুবাসিত হ’ব মঙলদৈ জিলা পুথিভঁৰাল বাকৰি…

২৩ ফেব্ৰুৱাৰীৰ পৰা গ্ৰন্থৰ সুবাসেৰে সুবাসিত হ’ব মঙলদৈ জিলা পুথিভঁৰাল বাকৰি…

ডিজিটেল সংবাদ ,মঙলদৈঃ আগন্তুক ২৩ ৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হব মঙলদৈ গ্ৰন্থমেলা ২০২১ । মঙলদৈ প্ৰেছ ক্লাবৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ সহযোগত মঙলদৈ পুথিভঁৰাল বাকৰিত অনুষ্ঠিত হবলগীয়া গ্ৰন্থমেলাখন ২৩ ফেব্ৰুৱাৰী মঙ্গলবাৰে বিয়লি ৩ বজাত দৰং জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰাই দ্বাৰ উন্মোচন কৰি মুকলি কৰিব।

ইয়াৰ পিছতেই গ্ৰন্থমেলা আয়োজক সমিতিৰ সভাপতি তথা স্থানীয় বিধায়ক গুৰুজ্যোতি দাসৰ সভাপতিত্বত অনুষ্ঠিত হব উদ্বোধনী সভা। উক্ত সভাতেই বহু কেইজন নবীন প্ৰবীনৰ গ্ৰন্থ উন্মোচন কৰা হব। সন্ধিয়া ৬ বজাত অসম নাট্য সন্মিলনৰ প্ৰযোজনাত মঞ্চস্থ কৰিব হাঁহিৰ আৰৰ বাঁহী নাট।

মঙলদৈ প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক লক্ষীনন্দন কলিতা আৰু গ্ৰন্থমেলা আয়োজক সমিতিৰ সাধাৰণ সম্পাদক ৰাজীৱ কুমাৰ ডেকা আৰু সমন্বয়ক মুকুট ৰাজ শৰ্মাই জনোৱা মতে ২৪ ফেব্ৰুৱাৰীত দিনৰ ১০ বজাৰ পৰা দৰং জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হব দক্ষতা বিকাশ কৰ্মশালা উক্ত দিনা বিয়লি চাৰি বজাত অনুস্থিত হবৰগীয়া গ্ৰন্থ উন্মোচনী সভাত ১০ গৰাকী বিশিষ্ট লেখকৰ গ্ৰন্থ প্ৰকাশ হব। সন্ধিয়া সুৰৰ্তীথ গুৱাহাটীৰ উদ্যোগত অনুষ্ঠিত হব সাংস্কৃতিক অনুষ্ঠান । উক্ত সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব বিশিষ্ট নাট্যকাৰ, গীতিকাৰ, নাট-পৰিচালক হেমন্ত দত্তই।

আনহাতে ২৬ ফেব্ৰুৱাৰী দিনৰ ১০ বজাৰ পৰা চিত্ৰাংকন প্ৰতিযোগিতা , থিতাতে লিখা স্বচৰিত কবিতা প্ৰতিযোগিতা, চিয়াগীত প্ৰতিযোগিতা, সাহিত্য আলাপ, সাহিত্য সন্মিলন অনুষ্ঠিত হব। দিনৰ ২ বজাত অধ্যাপক ইদ্ৰিছ আলিৰ সঞ্চালনাত অনুষ্ঠিত হবলগীয়া মূল সাহিত্য সন্মিলন উদ্বোধন কৰিব অসম সাহিত্য সভাৰ উপ-সভাপতি মৃণালিনী দেৱীয়ে। সভাত সাহিত্যিক থানেশ্বৰ মালাকাৰ, অনুৰাধা শৰ্মা পূজাৰী, ডঃ নগেন্দ্ৰ নাথ শৰ্মা, ডঃ বিৰিঞ্চি কুমাৰ মেধি, সাংসদ দিলীপ শইকীয়া, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মা, অসম শিক্ষা সংসদৰ সচিব ৰাণা বৈশিষ্ট্যই অংশগ্ৰহণ কৰিব।

অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ অধ্যাপক ডঃ ধনজিৎ ডেকা আৰু মঙলদৈৰ সু সন্তান ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট খেলুৱৈ জিন্টি মণি কলিতাক সম্বৰ্ধনা জনোৱা হব। সন্ধিয়া ৬ বজাত মঙলদৈ ইউথ ক্লাবে পৰিবেশন কৰিবলগীয়া সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ডঃ স্বপ্নালী দাস বৰাই।

২৬ ফেব্ৰুৱাৰীত ‌পলাশৰ ৰঙেৰে ফাগুনৰ এদিন শীৰ্ষক কবি সন্মিলন অনুস্থিত হব । উক্ত কবি সন্মিলনত অংশগ্ৰহণ কৰিব বিশিষ্ট কবি প্ৰনৱ কুমাৰ বৰ্মনে। উক্ত দিনা দিনৰ ভাগত যুৱ সাহিত্য সন্মিলন আৰু গ্ৰন্থ মেলাৰ পত্ৰিকা উন্মোচন হব। আনহাতে ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হব ছাত্র ছাত্ৰীৰ মাজত কুইজ প্ৰতিযোগিতাৰ ,শিশু অনুষ্ঠান আৰু গ্ৰন্থৰ টোপোলা বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হব। সন্ধিয়া ৰঞ্জিত শৰ্মা একাদেমীয়ে পৰিৱেশন কৰিবলগীয়া সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন নৃত্য শিল্পী ভানু ডেকা চহৰীয়াই। আনহাতে ২৮ ফেব্ৰুৱাৰীৰ দিনা দিনৰ ১০ বজাত মঙলদৈ প্ৰেছ ক্লাবৰ সভাপতি মদন চন্দ্ৰ বৰুৱাৰ সঞ্চালনাত সাংবাদিক, লেখক আৰু বিশিষ্ট নাগৰিকৰ মাজত অন্তৰংগ আলাপ অনুষ্ঠিত হব।

উক্ত অনুষ্ঠানত বিশিষ্ট সাহিত্যিক ঘনশ্যাম ৰাজবংশী, এম হাফিজ আলি, আপকুৰ সভাপতি আব্দুল খালেক, বিশিষ্ট সাংবাদিক বিকাশ আলি, প্ৰদীপ ঘোষ আদি বহু বিশিষ্ট লোকে অংশগ্ৰহণ কৰিব। দিনৰ ২ বজাত অনুষ্ঠিত হব মঙলদৈৰ আৰ্থ সামাজিক উন্নয়নত ক্লাব সংঘ সমূহৰ ভূমিকা শীৰ্ষক আলোচনা চক্ৰ। আনহাতে বিয়লি ৪ বজাত গ্ৰন্থমেলা আয়োজক সমিতিৰ কাৰ্যকৰী সভাপতি ৰাজেন্দ্ৰ নাথ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হব সামৰণি অনুষ্ঠান। নিশা স্থানীয় শিল্পীৰ দ্বাৰা অনুষ্ঠিত হবলগীয়া বিচিত্ৰানুষ্ঠানৰ জৰিয়তে ৬ দিনীয়া গ্ৰন্থমেলাৰ সামৰণি পৰিব। প্ৰথমবাৰৰ বাবে মঙলদৈত আয়োজিত উক্ত গ্ৰন্থমেলাৰ সকলো কাৰ্যসূচীতে ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা প্ৰেছ ক্লাব আৰু গ্ৰন্থ মেলা আয়োজক সমিতিয়ে কামনা কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in