সোমবাৰে অসম বন্ধ

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, কোকৰাাঝাৰঃ ৰাজ্যৰ আদিবাসী লোকসকলক জনজাতিকৰণৰ দাবীত পুণৰ সোমবাৰে ১২ ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনাইছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাই৷ আছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰদীপ নাগ, সম্পাদক যোচেফ মিঞ্জে এক প্ৰেছ বিবৃতিযোগে এই কথা জানিবলৈ দি কয় অসম তথা কেন্দ্ৰীয় চৰকাৰে অসমৰ আদিবাসী সকলক বাৰম্বাৰ প্ৰতাৰণা কৰি আহিছে৷

জনজাতিকৰণৰ দাবী আজিলৈ কাৰ্যকাৰীকৰণ নকৰাৰ প্ৰতিবাদত সোমবাৰে অৰ্থাৎ ১১ ফেব্ৰুৱাৰীৰ ৰাতিপুৱা ৫ বজাৰপৰা আবেলি ৫ বজালৈ ১২ ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনাইছে সংগঠনটোৱে৷ লগতে তেওঁলোকৰ দাবীসমূহ শীঘ্ৰে কাৰ্যকৰী কৰিবলৈও সংগঠনটোৱে আহ্বান জনাই চৰকাৰক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in