মনৰ কথা/৫ : হিমন্তলৈ দোষ ঠেলি শ্বেৰমানৰ জীয়া ফাঁকি…

মনৰ কথা/৫ : হিমন্তলৈ দোষ ঠেলি শ্বেৰমানৰ জীয়া ফাঁকি…

মিঞা মিউজিয়াম বিচাৰি সমালোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘবৰৰ বিধায়ক শ্বেৰমান আলী। হঠাত কিয় বিধায়কজনক লগা হল মিঞা মিউজিয়াম। হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখতে গৃহীত হৈছিল এই প্ৰস্তাৱ। আৰু কি কি ক'লে শ্বেৰমান আলী আহমেদে। মৃদুল কুমাৰ সন্দিকৈৰ সৈতে শ্বেৰমান আলীৰ মনৰ কথা

বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলীৰ এক প্ৰস্তাৱে ৰাজ্যত হাহাঁকাৰ লগাইছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এটা পৃথক মিঞা মিউজিয়াম স্থাপনৰ প্ৰস্তাৱ দিয়া শ্বেৰমান আলীয়ে দাবী কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিতে বিধানসভাত গৃহীত হৈছিল এই প্ৰস্তাৱ।

মনৰ কথাত শ্বেৰমান আলীয়ে কবলৈ বাধ্য হ'ল যে, অসমত মিঞা নামৰ কোনো জনগোষ্ঠীয়েই নাই। কোনসকল মিঞা সেই সংজ্ঞা নোহোৱাকৈয়ে বিধান সভাক বিপথে পৰিচালিত কৰি বাঘবৰৰ বিধায়কগৰাকীয়ে এই ৰাজনীতি কৰাক লৈ সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়া।

এক প্ৰশ্নৰ উত্তৰত শ্বেৰমান আলীয়ে কয় যে, এই মিঞা মিউজিয়াম স্থাপনৰ দাবী তেওঁ প্ৰত্যাহাৰ কৰিব, তাৰবাবে তেওঁ চৰ্তও ৰাখে। সেই চৰ্ত অনুসৰি চৰ-চাপৰি অঞ্চলত বাস কৰা সেই লোকসকলক কোনেও মিঞা বুলিব নোৱাৰিব।

অসমীয়া সমাজ জীৱনৰ অংগ হৈ পৰা মিঞাসকলক লৈ তেওঁ কিয় ৰাজনীতি কৰিছে বুলি সোধাত, শ্বেৰমান আলীয়ে দাবী কৰে যে, এয়া তেওঁৰ কোনো ৰাজনীতি নহয়। প্ৰথমে মিঞা কবিতা আৰু পাছত মিঞা মিউজিয়াম অসমীয়া জাতিৰ ওপৰত এক পৰিকল্পিত আক্ৰমণ এতিয়া চৰ্চা হৈছে।

মিঞা কবিতা গেঙৰ একাংশ লৈ শ্বেৰমান আলীয়ে কলাক্ষেত্ৰত মিঞা মিউজিয়াম স্থাপনৰ প্ৰস্তাৱৰ বিৰুদ্ধে মন্তব্য কৰি কয় যে, কলাক্ষেত্ৰ যি আদৰ্শৰে স্থাপন কৰা হৈছে, সেই আদৰ্শক বিচ্যুত হ'বলৈ দিয়া নহ'ব। ইফালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও স্পষ্ট কৰি দিছে যে, শংকৰদেৱ কলাক্ষেত্ৰত কোনো কাৰনতে মিঞা মিউজিয়াম স্থাপন কৰিবলৈ দিয়া নহয়।

যিখন স্থায়ী কমিটিৰ কথা কৈ এই প্ৰস্তাৱ গৃহীত হোৱা বুলি শ্বেৰমান আলীয়ে বক্তব্য ৰাখিছে, সেই কমিটিৰ অন্যতম সদস্য তথা চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই কয়, এই বৈঠকত তেওঁ উপস্থিত নাছিল। তেওঁ বৈঠকত উপস্থিত থকা হলে এনে প্ৰস্তাৱৰ বিৰোধিতা কৰিলোহেতেন বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে।

ইফালে মনৰ কথাত শ্বেৰমান আলীয়ে এই বিষয়টোৰ সন্দৰ্ভত বহুকেইটা বিস্ফোৰক দাবী কৰে। অগপ বিধায়ক উতপল দত্ত এই কমিটিৰ অধ্যক্ষ আছিল বুলিও কয়। মনৰ কথাত বিধায়কগৰাকীয়ে আৰু কি কি কলে চাওঁক তলৰ লিংকত–

ফেচবুক লিংকত-

https://www.facebook.com/watch/?v=733393173878992

ইউটিউব লিংক –

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in