শেহতীয়া খবৰ
নাগালেণ্ডৰ ছুমুকেডিমাত এল.পি.জি. বটলিঙৰ প্লাণ্ট উদ্বোধন মন্ত্ৰী ৰামেশ্বৰ তেলীৰ...  •  শিলচৰত উদ্ধাৰ ড্ৰাগছঃ এজনক আটক...  •  সোণাৰিত উদ্ধাৰ অবৈধ মাৰনাস্ত্ৰ...  •  ভাৰত–বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাৰৰ সিপাৰৰ ভোগডাঙাত 'আজাদী কা অমৃত মহোৎসৱ'ৰ কাৰ্যসূচী...  •  আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ফুলগুৰিত "কনকলতা" প্ৰদৰ্শন...  •  স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে মথুৰাপুৰ চুকাফা পঞ্চায়তত শোভাযাত্ৰা...  •  হাৰমতী ডুবিত পথ দুৰ্ঘটনাঃ নিহত মটৰ চাইকেল আৰোহী...  •  অসুস্থ শৃংখল চলিহাঃ আই চি ইউত চিকিৎসাধীন...  •  ধেমাজি জিলা প্ৰশাসনৰ দ্বাৰা ত্ৰিৰংগ সমদল, চিত্ৰাংকন প্ৰতিযোগিতা...  •  স্বাধীনতাৰ অমৃত মহোৎসৱৰ মাজতে ১৪ আগষ্টত বিভাজন বিভীষিকা স্মৃতি দিৱস পালনৰ আহ্বান চৰকাৰৰ...

মৈৰাবাৰীৰ মোৱামাৰিত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কালৰূপ, নিশাৰ ভিতৰতে খহাই নিলে ঘৰ…

প্ৰতিদিন ডিজিটেল ডেস্ক, মৈৰাবাৰী: ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া ৰোধ কৰিবলৈ বিভাগীয় কর্তৃপক্ষই দিন ৰাতি একাকাৰ কৰি মাথাউৰি নিৰ্মানেৰে বান্ধৰ কাম কৰি আহিছে যদিও সফল হ’ব পৰা নাই। বিগত দুমাহ ধৰি মৈৰাবাৰীৰ মোৱামাৰিত বানৰ গৰাখহনীয়াই ধাৰণ কৰি আহিছে কালৰূপ । গৃহহীন হোৱাৰ শংকাত ভূগিছে একাংশ বানপীড়িত ৰাইজ। বৃহস্পতিবাৰে নিশা মাথাউৰিত আশ্ৰয় লোৱা বানাক্ৰান্ত লোকসকলৰ মাজত সৃষ্টি হয় এক আতংকময় পৰিস্থিতিৰ।

নিশাৰ ভিতৰতে খহনীয়াই খহাই নিলে এশ মিটাৰতকৈ অধিক কৃষিভূমিৰ লগতে বহুতৰ ঘৰ দুৱাৰ। যিকোনো মুহূৰ্ততে শিলঘাট-মৈৰাবাৰী সংযোগী মাথাউৰি খহাই নিয়াৰ শংকাত ভুগিছে স্থানীয় ৰাইজে। উল্লেখ যে মাথাউৰিৰ ওপৰত আশ্ৰয় লোৱা বহু কেইখন পৰিয়ালে ইতিমধ্যে ঢাপলি মেলিছে নিজৰ সপোনৰ ঘৰ খন এৰি আশ্ৰয় বিচাৰি বেলেগ বেলেগ ঠাইলৈ। মুৱামাৰিত গৰাখহনীয়াৰ স্থায়ী সমাধান বিচাৰি অসমৰ মুখ্যমন্ত্ৰী তথা জলসম্পদ মন্ত্ৰী পীযুছ হাজৰিকাৰ হস্তক্ষেপৰ দাবী অঞ্চলটোৰ বানপীড়িত ৰাইজৰ।

আৰু পঢ়ক : ওৰাঙৰ দুজনকৈ লোক সন্ধানহীন…