ৰাম আমাৰ গৌৰৱ, নিৰ্মাণ হ’ব লাগিবই ৰাম মন্দিৰঃ মোহন ভাগৱত

ৰাম আমাৰ গৌৰৱ, নিৰ্মাণ হ’ব লাগিবই ৰাম মন্দিৰঃ মোহন ভাগৱত

ডিজিটেল ডেস্কঃ আগন্তক লোকসভা নিৰ্বাচনৰ পূৰ্বে বৃহস্পতিবাৰে নাগপুৰত আয়োজিত আৰ এছ এছৰ এক অনুষ্ঠানত উপস্থিত হৈ ৰাম মন্দিৰ আৰু ভাৰতৰ সেনা শক্তিক লৈ মন্তব্য কৰে সংগঠনৰ প্ৰধান মোহন ভাগৱতে৷ আৰ এছ এছৰ প্ৰধান মোহন ভাগৱতে অনুষ্ঠানত কয়, 'ৰাম আমাৰ গৌৰৱ, গতিকে তেওঁৰ স্মৰণত স্মাৰক নিৰ্মাণ হোৱা উচিত৷ ইয়াৰ বাবে চৰকাৰে নতুন আইন প্ৰণয়ন কৰিব লাগে৷ যাতে ৰাম মন্দিৰ শীঘ্ৰে নিৰ্মাণ হয়৷'

তেওঁ পুনৰ কয়, 'অতি শীঘ্ৰেই ভাৰত বিশ্বৰ গুৰু ৰাষ্ট্ৰ হিচাপে প্ৰমাণিত হ'বলৈ গৈ আছে৷ সত্য আৰু অহিংসাৰ ৰাজনীতিৰে পূৰ্ণ ভাৰত বিশ্বৰ একমাত্ৰ দেশ৷ কিন্তু শত্ৰু সম্পৰ্কে সতৰ্ক আৰু ভাৰতৰ সেনাবাহিনী শক্তিশালী হোৱাটোও প্ৰয়োজন৷ আমি কাৰো সতে শত্ৰুতা কৰাৰ প্ৰয়োজন নাই৷ কিন্তু কোনেও যাতে আমাক আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে আমি শক্তিশালী হ'ব লাগিব৷ নিজৰ নিৰাপত্তাৰ বাবে কাৰো ওপৰত ভৰষা কৰি লাভ নাই৷'

আনহাতে নাগপুৰত পাকিস্তানক আক্ৰমণ কৰি আৰএছএছ প্ৰধান মোহন ভাগৱতে কয়, 'প্ৰতিৱেশী ৰাষ্ট্ৰৰ চৰকাৰ সলনি হ'লেও মনোভাৱ সলনি হোৱা নাই৷ ভাৰতে গুলীৰ উত্তৰ গুলী বৰ্ষণেৰে দিব পাৰে৷' ইফালে, ভাগৱতে দেশৰ ভিতৰতে কোনো কোনো লোকে সংঘাত সৃষ্টি কৰাৰ বাবে চেষ্টা চলাইছে বুলি অভিযোগ উত্থাপন কৰি তাৰ বিৰুদ্ধে জংগী আন্দোলন গঢ়ি তোলা প্ৰয়োজন বুলিও মন্তব্য কৰে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in