শেহতীয়া খবৰ
কপাহেৰা আঞ্চলিক কবি সন্মিলনৰ বিশেষ কাৰ্যসূচী, বৰ অসমৰ শিক্ষামন্ত্ৰী শৰৎ চন্দ্ৰ গোস্বামী, বিশিষ্ট সমাজকৰ্মী ৰূপৰাম সূত স্মাৰক বক্তৃতা-কবিতা পাঠৰ অনুষ্ঠান  •  আজৰি নাই! ইমানেই আন্তৰিকতা অসমীয়াৰ প্ৰতি...  •  বনদস্যু বীৰাপ্পনাৰ কন্যাৰ বিজেপিত যোগদান  •  'পাকিস্তান জিন্দাবাদ’ ধ্বনি দিয়া অমূল্য লিয়োনাক হত্যা কৰিলে ১০ লাখ টকাৰ পুৰস্কাৰ দিব শ্ৰীৰাম সেনাৰ সদস্যই…  •  মাংস আৰু কণী আপোনাৰো প্ৰিয় নেকি? তেন্তে এবাৰ পঢ়ক এই বাতৰি...  •  বিশিষ্ট ফটো সাংবাদিক তৰণী কান্ত বৰ্মনৰ শেষকৃত্য ৰাজ্যিক মৰ্যদাৰে সম্পন্ন কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ...  •  উৰিয়ামঘাটত পিষ্টলসহ এজনক আটক...  •  কোৰোনা ভাইৰাছৰ সন্ত্ৰাসঃ চীনৰ পাছতে অধিক ৰোগীৰ মৃত্যু হৈছে এইখন দেশত...  •  গুৱাহাটীৰ ৰাজপথত জলন্ত ১০৮ এম্বুলেঞ্চ...  •  গুৱাহাটীৰ ৰাজপথত জলন্ত ১০৮ এম্বুলেঞ্চ...

কথাত মচগুল চীনা ৰাষ্ট্ৰপতি জিনপিং আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী মোডী! অথন্তৰ লগালে এটা ক’লা কুকুৰে, কিন্তু কেনেকৈ, সবিশেষ VIDEO

24,526

ডিজিটেল ডেস্কঃ শুকুৰবাৰে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী হাতত লৈ ভাৰতত উপস্থিত হয় চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিং। চেন্নাইত আহি উপস্থিত হোৱাৰ পাছতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে ৰাষ্ট্ৰসংঘৰ বিশ্ব ঐতিহ্যক্ষেত্ৰ অৰ্জুনৰ তপস্যাৰস্থলী চাবলৈ যায় ৰাষ্ট্ৰপতিগৰাকী। কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজতে দুয়োগৰাকী নেতা কথাত মগ্ন থকাৰ সময়তে সংঘটিত এক ঘটনাই সকলোৰে চকু কপাঁলত তুলিছে। এক ভয়ংকৰ অঘটনৰ পৰা কোনোমতেহে ৰক্ষা পৰিল দুয়োগৰাকী নেতা।

Image result for modi and xi jinping

চীনৰ ৰাষ্ট্ৰপতিগৰাকীক অৰ্জুনৰ তপস্যাৰস্থলীৰ বিষয়ে প্ৰধানমন্ত্ৰী মোডীয়ে বুজাই থকাৰ সময়তে হঠাৎ সেই স্থানেৰে পাৰ হৈ যায় এটা কুকুৰ। কেমেৰাত আবদ্ধ হৈছে পাৰ হৈ যোৱা কুকুৰটোৰ দৃশ্য। তাৰ পিছতে ভাইৰেল হৈ পৰিছে সেই ভিডিঅ’ আৰু প্ৰতিজন লোকে প্ৰশ্নৰ উত্থাপন কৰিছে কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত কেনেদৰে কুকুৰটোৱে দিবলৈ পালে চফৰ। উল্লেখ্য যে, মহাভাৰতত পাণ্ডৱৰ স্বৰ্গযাত্ৰাৰ সৈতে সম্বন্ধ আছে কুকুৰৰ। কাৰণ যুধিষ্ঠিৰে স্বৰ্গ যাত্ৰা কৰাৰ সময়তে স্বয়ং যমৰাজে কুকুৰৰ বেশ ধৰি তেওঁক পথ দেখুৱাইছিল। আজিও তৃতীয় পাণ্ডৱ তথা গাণ্ডীৱধাৰী অৰ্জুনৰ বিৰত্তৰ বৰ্ণনা দি থকাৰ সময়তে পাৰ হৈ যোৱা ক’লা কুকুৰটোক লৈ সেয়া যমৰাজৰ তাৎক্ষণিক দৰ্শন বুলি কোনো কোনোৱে টিপ্পনী দিছে।

Modi-XI summit: Security breach, after black dog was spotted running at Arjuna Penance monument

চীনৰ ৰাষ্ট্ৰপতিগৰাকীৰ ভ্ৰমণক কেন্দ্ৰ কৰি মামাল্লাপুৰমৰ সকলো কুকুৰ অন্যান্য স্থানলৈ স্থানান্তৰিত কৰাৰ বাবে এক নিৰ্দেশ দিয়া হৈছিল প্ৰশাসনৰ তৰফৰ পৰা। কিন্তু কিছু কিছু লোকে সেই নিৰ্দেশ অমান্য কৰিছিল। যাৰ বাবে এই ঘটনা সংঘটিত হ’বলৈ পায় বুলি স্থানীয় লোকে জানিবলৈ দিয়ে।

ইফালে বিগত কিছু দিন ধৰি মামাল্লাপুৰমৰ পৰা কুকুৰ সন্ধানহীন হোৱাৰ প্ৰসংগত গোচৰ লাভ কৰা বুলি ব্লু ক্ৰছ অৱ ইণ্ডিয়াই জানিবলৈ দিছে। চীনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে অৰ্জুনৰ তপস্যাস্থলীৰ সমান্তৰালকৈ শুকুৰবাৰে ভ্ৰমণ কৰে আন কেবাটাও ঐতিহাসিক কীৰ্তিচিহ্ন তথা স্থান।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি