প্ৰধানমন্ত্ৰী মোডীৰ লগতে কোন ষ্টাৰ কেম্পেইনাৰে বিজেপিৰ হৈ প্ৰচাৰ চলাব অসমত…

ফাইল ফটো
ফাইল ফটো

ডিজিটেল সংবাদ, গুৱাহাটীঃ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰকাশ কৰিছে ষ্টাৰ কেম্পেইনাৰৰ তালিকা। অসমত ৩টা পৰ্যায়ত হ'ব লগা লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিছে কেইবাজনো প্ৰাৰ্থীয়ে।

নিৰ্বাচনত ১০ ৰ পৰা ১১ খন আসন লাভ কৰিব বুলি দাবী কৰা দলটোৱে বিভিন্ন পৰ্যায়ত অসমত চলাব নিৰ্বাচনী প্ৰচা। বিজেপিয়ে প্ৰকাশ কৰা এখন ষ্টাৰ কেম্পেইনাৰৰ তালিকা অনুসৰি ২৪ মাৰ্চত ডিফুত প্ৰচাৰ চলাব ৰাম মাধৱ আৰু ৰমেন ডেকাই। ২৫ মাৰ্চত শিলচৰত মহেন্দ্ৰ সিং, তেজপুৰত অনুৰাগ সিং ঠাকুৰ আৰু হিমন্ত বিশ্ব শৰ্মা, লখিমপুৰত সৰ্বানন্দ সোণোৱাল আৰু যোৰহাটত হিমন্ত বিশ্ব শৰ্মাই চলাব নিৰ্বাচনী প্ৰচাৰ।

তাৰ পিছতে ২৬ মাৰ্চত কৰিমগঞ্জত বাবুল সুপ্ৰিয়, নগাঁৱত ৰণজিত দাস আৰু ৰূপা গাংগুলী, ডিব্ৰুগড়ত কিৰেণ ৰিজিজু, মঙলদৈত হিমন্ত বিশ্ব শৰ্মা আৰু মহেন্দ্ৰ সিং আৰু গুৱাহাটীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্বাচনী প্ৰচাৰ চলাব। ইফালে দলৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি ৩০ মাৰ্চত গহপুৰ আৰু মৰাণত নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in