বিদেশ ভ্ৰমণৰ বাবদ কিমান খৰচ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে…

বিদেশ ভ্ৰমণৰ বাবদ কিমান খৰচ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে…

● পলাশ জ্যোতি গগৈ

কোনো এখন দেশৰ প্ৰধানমন্ত্ৰীয়ে কিমানবাৰ বিদেশ ভ্ৰমণ কৰে। বিদেশ ভ্ৰমণৰ প্ৰয়োজনীয়তা এগৰাকী প্ৰধানমন্ত্ৰীৰ ক্ষেত্ৰত কিমান প্ৰয়োজনীয়? বৰ্তমান সময়ত ই এক আলোচনাৰ বিষয়। কিয়নো ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পূৰ্বৰ সকলো প্ৰধানমন্ত্ৰীকে চেৰ পেলাই অভিলেখ সংখ্যক বিদেশ ভ্ৰমণ কৰি চৰ্চাৰ বিষয় হৈ পৰিছে। যাৰ বাবে ৰাজকোষৰ বৃহৎ পৰিমাণৰ ধনো খৰচ হৈছে।

বিগত ৩ বছৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে বিদেশ ভ্ৰমণ কৰাৰ বাবদ চাৰ্টাৰ্ড বিমানৰ খৰচ হিচাপে ভৰিবলগীয়া হৈছে ২৫৫ কোটি টকা। ইফালে জানিব পৰা অনুসৰি ৬০ বাৰ বিদেশ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। ইয়াৰে ৩৫ খন দেশ এবাৰকৈ তেওঁ ভ্ৰমণ কৰিছে। ইয়াৰ লগতে ১৫ দেশ দুবাৰকৈ ভ্ৰমণ কৰিছে। ৩ বাৰকৈ দুখন দেশ, ৪ বাৰকৈ ৪খন দেশ, ৫ বাৰকৈ ৩ খন দেশ, ৬ বাৰকৈ আমেৰিকা ভ্ৰমণ কৰিছে।

২০১৯ বৰ্ষৰ আগষ্টৰ পৰা নৱেম্বৰ লৈকে ৭ বাৰ বিদেশ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। এই সময়চোৱাত তেওঁ ৯ খন দেশলৈ গৈছে। চাৰ্টাৰ্ড বিমানৰ ক্ষেত্ৰত প্ৰতিবছৰে বহু কোটি টকা খৰচ হৈছে। চৰকাৰী তথ্যত প্ৰকাশ পোৱা অনুসৰি ২০১৬-১৭ বৰ্ষত চাৰ্টাৰ্ড বিমানৰ ক্ষেত্ৰত খৰচ হৈছে ৭৬.২৭ কোটি টকা। ২০১৭-১৮ চনত এই পৰিমাণ ৯৯.৩২ কোটি। ২০১৮-১৯ বৰ্ষত এইয়া ৭৯.৯১ কোটি টকা।

হটলাইন সুবিধাৰবাবদো বহু কোটি টকা খৰচ কৰা হৈছে। ভিআইপি, ভিভিআইপিৰ নিৰাপত্তা ব্যৱস্থাৰ ক্ষেত্ৰতো দেশত দৈনিক কোটি কোটি টকা খৰচ হয়।ৰাজকোষৰ পৰা এই টকা খৰচ কৰা হয়। মোডীয়ে প্ৰধানমন্ত্ৰীৰ শাসনভাৰ লোৱাৰে পৰা কৰাবিদেশ ভ্ৰমণৰ বাবে সমালোচনাৰ সন্মুখীনো হৈছে। ২০১৬-১৭ চনত হটলাইন সুবিধাৰ বাবদৰাজকোষৰ পৰা খৰচ হৈছে ২,২৪,৭৫,৪৫১ টকা। ২০১৭-১৮ চনত এই পৰিমাণ ৫৮,০৬,৬৩০।

ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী ইত্যাদি নেতাসকলে কৰা বিদেশ ভ্ৰমণৰ খৰচ বহন কৰে চৰকাৰে। তেওঁলোকে কৰা বিদেশ ভ্ৰমণৰ বাবে যাতায়তৰ লগতে সকলো ক্ষেত্ৰতে কোটি কোটি টকা খৰচ কৰিবলগীয়া হয়। হাউডী মোডী, ব্ৰীকছ সন্মীলনৰ দৰে অনুষ্ঠানলৈ যোৱাৰ বাবদ প্ৰধানমন্ত্ৰীৰ যাতায়তৰ নামত বহু টকা খৰচ কৰিবলগীয়া হৈছিল চৰকাৰে।

এইবৰ্ষৰ আগষ্টৰ পৰা নৱেম্বৰ মাহলৈ ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে তিনিবাৰ বিদেশ ভ্ৰমণ কৰিছে। এই সময়চোৱাত তেখেতে ৭খন দেশ ভ্ৰমণ কৰিছে। ৬ খন দেশ ভ্ৰমণ কৰা উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱেও মুঠ ৩বাৰ বিদেশলৈ গৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ১৬খন দেশলৈ ১৩ বাৰ যাত্ৰা কৰিছে। উল্লেখ্য যে, বিদেশৰ অতিথিৰ বাবেও ভাৰত চৰকাৰে খৰচবহন কৰিব লগীয়া হয়।

প্ৰকাশিত খবৰঅনুসৰি পূৰ্বৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ তুলনাত দুগুণ বিদেশ ভ্ৰমণ কৰিছেপ্ৰধানমন্ত্ৰী মোডীয়ে। অভিযোগ উঠে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মাত্ৰ বিদেশভ্ৰমণতে সময় পাৰ কৰে। দেশৰ উন্নয়নৰ প্ৰতি গুৰুত্ব নিদিয়ে প্ৰধানমন্ত্ৰী মোডীয়ে।

বিদেশ ভ্ৰমণ কৰিসমালোচনাৰ সন্মুখীন হোৱা মোডীক নিৰ্বাচনৰ সময়ত বাৰুকৈয়ে সমালোচনা কৰিছিল বিৰোধীদলসমূহে। বিজেপিৰ বিৰুদ্ধে নিৰ্বাচন খেলি এক প্ৰকাৰে মোডীৰ বিদেশ ভ্ৰমণক ইছ্যুহিচাপে লৈছিল বিৰোধীয়ে। এতিয়া আন খৰচ বাদেই মাত্ৰ বিমানৰ বাবদেপ্ৰধানমন্ত্ৰীগৰাকীয়ে যোৱা ৩ বছৰত খৰচ কৰিছে ২৫৫ কোটি টকা।

প্ৰধানমন্ত্ৰীগৰাকীৰ বিদেশ ভ্ৰমণৰ ফলত দেশৰ শাসন প্ৰক্ৰিয়া স্থবিৰ হৈ পৰা বুলিও বিৰোধী ৰাজনৈতিক দলৰ অভিযোগ। প্ৰধানমন্ত্ৰীগৰাকীয়ে কৰা বিদেশ ভ্ৰমণৰ বাবে দেশৰ শাসন ব্যৱস্থা স্থবীৰ হোৱাৰ অভিযোগ উঠা দেখিবলৈ পোৱা গৈছে। নৰেন্দ্ৰ মোডীয়ে বিদেশ ভ্ৰমণ কৰাৰ বাবদ কৰা খৰচৰ কথা ৰাজহুৱা হোৱাৰ পিছতে বিষয়টো চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে।

অৱশ্যে চৰকাৰৰ সমৰ্থকসকলৰ মতে, মোডীয়ে কৰা বিদেশ ভ্ৰমণৰ বাবে ভাৰতে বিশ্ব মানচিত্ৰত এক আগস্থান লাভ কৰিছে। মোডীক আমেৰিকাকে আদি কৰি বিভিন্ন স্থানত জনোৱা সন্মানৰ কথাও এইক্ষেত্ৰত কয় বিভিন্ন লোকে। এইখিনিতে এটা কথা গুৰুত্বপূৰ্ণ হিচাপে বিৱেচিত হয় যে, মোডীয়ে কৰা বিদেশ ভ্ৰমণৰ বাবদ ৰাজকোষৰ ধন খৰচ হলেও তেওঁ কৰা যাত্ৰাৰ বাবে বিদেশে ভাৰতৰ ৰাজধানী দিল্লীৰ বিষয়ে বিশদভাৱে জানিবলৈ সক্ষম হৈছে।

এতিয়া পিছে ৰাজকোষৰ ধন খৰচ কৰি মোডীয়ে বিদেশ ভ্ৰমণ কৰি যি কাৰ্যই সিদ্ধি নকৰক লাগে বৰ্তমান দেশ আৰ্থিক মন্দাৱস্থাৰ সন্মুখীন হৈছে। এনে সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে বিদেশ ভ্ৰমণ কৰাৰ বিষয়টোৱে চৰ্চা লাভ কৰাৰ লগতে সমলোচনাৰ সন্মুখীন হোৱাটো স্বাভাৱিক। কিয়নো প্ৰধানমন্ত্ৰীগৰাকীয়ে কৰা যাত্ৰাৰ বাবদ মাত্ৰ ৩ বছৰতে মুঠ খৰচ হোৱা ধনৰ পৰিমাণ হৈছেগৈ ২৫৫ কোটি টকা। যি কাৰ্যই হয়তো বহুলোককে আচৰিত কৰিব। কিয়নো এইখন দেশতে এতিয়া এঁসাজ ভাতৰ বাবে বহুলোকে হাহাকাৰ কৰে। বানপানীৰ বাবদ প্ৰতিবছৰে কোটি কোটি টকাৰ ক্ষতি হোৱাৰ লগতে শতাধিকে প্ৰাণ হেৰুৱাইছে যদিও ইয়াৰ স্থায়ী সমাধান নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in