নাগৰিকত্ব সংশোধনী বিধেয়কে ভাৰতৰ পৰা বিচ্চিন্ন হিন্দু সকলক পুনৰ এবাৰ মাতৃভূমিত স্থান দিব

নাগৰিকত্ব সংশোধনী বিধেয়কে ভাৰতৰ পৰা বিচ্চিন্ন হিন্দু সকলক পুনৰ এবাৰ মাতৃভূমিত স্থান দিব

ডিজিটেল ডেস্কঃ 'আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানৰ পৰা অহা ভাৰত মাতৃৰ সু-সন্তানসকলে এতিয়া ভাৰতৰ ভূমিত থিয় হৈ 'ভাৰত মাতা কী জয়' বুলি গৌৰৱেৰে বুকু ফুলাই কোৱাৰ বাট প্ৰশস্ত হৈছে। ইতিসাহৰ বহু ঘাত-প্ৰতিঘাত পাৰ হৈ এতিয়া সকলো হিন্দু ভাতৃ-ভগ্নীয়ে ভাৰত মাতৃৰ আঁচলত আশ্ৰয় লাভ কৰিব।' মহাৰাষ্ট্ৰৰ চোলাপুৰত বুধবাৰে এক জনসভাত অংশ লৈ নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত এই মন্তব্য কৰে নৰেন্দ্ৰ মোডীয়ে।

বুধবাৰে মহাৰাষ্ট্ৰ চোলাপুৰত ভ্ৰমণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তাত এটা ৰাষ্ট্ৰীয় ঘাইপথ উদ্বোধন কৰাৰ লগতে প্ৰধানমন্ত্ৰীৰ কেইবাখনো আঁচনিৰ শুভ উদ্বোধন কৰে। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীগৰাকীয়ে এক জনসভাত অংশ লৈ নাগৰিকত্ব সংশোধনী বিধেয়ৰ লগতে সাধাৰণ দৰিদ্ৰ শ্ৰেণীৰ বাবে ১০ শতাংশ সংৰক্ষণৰ বিধেয়কখনৰ বিষয়ে মন্তব্য কৰে।

আসন সংৰক্ষণৰ বিষয়টোক লৈ একাংশই সাধাৰণ জনতাক বিপথে পৰিচালিত কৰিছে বুলি দাবী কৰি সাধাৰণ দৰিদ্ৰ শ্ৰেণীৰ ১০ শতাংশ সংৰক্ষণে বিজেপিৰ সবকা সাথ সবকা বিকাশ নীতিক প্ৰতিফলন কৰিছে বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in