জেৰেঙা পথাৰত প্ৰধানমন্ত্ৰীৰ মুখতঃ অ মোৰ ধৰিত্ৰী আই…

জেৰেঙা পথাৰত প্ৰধানমন্ত্ৰীৰ মুখতঃ অ মোৰ ধৰিত্ৰী আই…

ডিজিটেল ডেস্কঃ ঐতিহাসিক জেৰেঙা পথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সম্বোধন কৰিলে ৰাজ্যবাসীক। ৰাজ্যৰ লক্ষাধিক খিলঞ্জীয়াক ভূমিপট্টা দিয়া কাৰ্যসূচী আৰম্ভণি কৰি মোডীয়ে ১০গৰাকী লোকক উক্ত অনুষ্ঠানতে প্ৰদান কৰে ভূমিপট্টাৰ চাৰ্টিফিকেট।

প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ আৰম্ভণিতে অসমীয়াতে সকলোকৈ ভোগালী আৰু নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰে। সতী জয়মতীক স্মৰণ কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে কয়, ত্যাগৰ প্ৰতীক জয়মতীৰ এই পবিত্ৰ স্থানত আজি এক পৱিত্ৰ আচনিৰ শুভাৰম্ভ হৈছে।

প্ৰধানমন্ত্ৰীয়ে সুধাকন্ঠৰ এটি গান – অ মোৰে ধৰিত্ৰী আই শীৰ্ষক গীতটি গাই খিলঞ্জীয়াক লৈ বিজেপি চৰকাৰ সদায়েই দায়ৱদ্ধ বুলি ঘোষণা কৰে। তেওঁৰ ভাষণত বটদ্ৰৱা থানৰ বেদখলৰ বিষয়েও স্থান পায়। কোৰোনাকালত অসমৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীৰ নেতৃত্বক শলাগ লয় প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰীয়ে ভাষণত আওপকীয়াকৈ বিৰোধীক কটাক্ষ কৰি কয়, আমি শাসনলৈ নহাৰ পূৰ্বে ৬লাখ লোকৰ ভূমি পট্টা নাছিল। আমি শেহতীয়াকৈ ১লাখ ৬হাজাৰ লোকক পট্টা প্ৰদান কৰা কাৰ্যক প্ৰশংসনীয় বুলি বিৰোধীয়ে মানিবই লাগিব। তেওঁ কয়, অচিৰেই আৰু ১লাখ লোকক প্ৰদান কৰা হব ভূমি পট্টা। প্ৰায় ২৭ মিনিট সময় ভাষণ দিয়াৰ পাছত তেওঁ হেলিকপ্টাৰযোগে জেৰেঙা পথাৰৰ জনসভাৰ পৰা উৰা মাৰে।

নৰেন্দ্ৰ মোডীৰ সম্পূৰ্ণ ভাষণ চাব পাৰিব তলৰ লিংকতঃ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in