লালকিল্লাৰ পৰা কাইলৈ গুগলে ‘লাইভ’ কৰিব মোদীৰ ভাষণ

লালকিল্লাৰ পৰা কাইলৈ গুগলে ‘লাইভ’ কৰিব মোদীৰ ভাষণ

ডিজিটেল ডেস্কঃ কেইঘন্টা মানৰ পাছতে সমগ্ৰ দেশে উদযাপন কৰিব ৭২ সংখ্যক স্বাধীনতা দিৱস। স্বাধীনতা দিৱসৰ বাবে কেন্দ্ৰই কৰিছে বিয়াগোম আয়োজন। ইণ্ডিয়া গেটৰ পৰা লালকিল্লালৈকে সকলোবোৰ সজাই পৰাই তোলা হৈছে নতুন ৰূপত।

এই আনন্দৰ মাজতে আহিছে আন এক সুখবৰ। লালকিল্লাত দিয়া দেশৰ প্ৰধানমন্ত্ৰীৰ ভাষণ পোনপটীয়া সম্প্ৰচাৰৰ যোগেদি সমগ্ৰ বিশ্বত প্ৰচাৰ কৰিব গুগলে। ইতিমধ্যে প্ৰচাৰ ভাৰতীয়ে গুগল আৰু ইউটিউবৰ সৈতে এই ব্যৱস্থাৰ বাবে সকলোখিনি কাম সম্পন্ন কৰিছে।

উল্লেখ্য যে পোনপ্ৰথমবাৰৰ বাবে ভাৰতৰ কোনো ৰাজনৈতিক নেতাৰ ভাষণ গুগলত পোনপটীয়াকৈ সম্প্ৰচাৰ হ'ব। ইয়াৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ শপতগ্ৰহণ অনুষ্ঠান পোনপটীয়াকৈ সম্প্ৰচাৰ কৰিছিল বিশ্বৰ তথ্য প্ৰযুক্তিৰ সৰ্ববৃহৎ প্ৰতিষ্ঠান গুগলে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in