নগালেণ্ডৰ ৰাজ্যপালৰ দায়িত্ব লৈয়ে ঘোষণা আৰ এন ৰবিৰঃ প্ৰধানমন্ত্ৰী মোডীয়ে শীঘ্ৰে বিচাৰে নগা শান্তি চুক্তি…

নগালেণ্ডৰ ৰাজ্যপালৰ দায়িত্ব লৈয়ে ঘোষণা আৰ এন ৰবিৰঃ প্ৰধানমন্ত্ৰী মোডীয়ে শীঘ্ৰে বিচাৰে নগা শান্তি চুক্তি…

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে নগালেণ্ডৰ নতুন ৰাজ্যপাল আৰ এন ৰবিয়ে কয়- প্ৰধানমন্ত্ৰী মোডীয়ে নগা শান্তি চুক্তিৰ বিষয়টো হৃদয়ত লৈ আছে। নগালেণ্ডৰ ৰাইজে অতি কম দিনৰ ভিতৰত ভাল খবৰ লাভ কৰিব। কহিমাৰ ৰাজভৱনত আয়োজিত শপতগ্ৰহণ অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক্টিং মুখ্য ন্যায়াধীশ অৰূপ কুমাৰ গোস্বামীয়ে শপত বাক্য পাঠ কৰা আৰ এন ৰবিক। এই অনুষ্ঠানত নগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ'ৰিঅ', নগালেণ্ড বিধানসভাৰ অধ্যক্ষ ভিখঅ' হছজুহ, বিৰোধী দলপতি টি আৰ জেলিয়াং, মন্ত্ৰী-বিধায়ককে ধৰি বহু কেইগৰাকী শীৰ্ষ বিষয়া উপস্থিত থাকে।

শপতগ্ৰহণৰ পাছতে ৰাজ্যপাল আৰ এন ৰবিয়ে কয় যে- ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী মোডীয়ে নগালেণ্ডৰ সাংবিধানিক মুৰব্বী হিচাপে নিযুক্তি দিয়াত তেওঁ বহু আনন্দিত। নগালেণ্ডৰ নৱনিযুক্তি ৰাজ্যপালগৰাকীয়ে লগতে কয়- 'প্ৰধানমন্ত্ৰী মোডীয়ে নগা ৰাজনৈতিক বিষয়টোক শীঘ্ৰে সমাধান কৰিব বিচাৰে। এইক্ষেত্ৰত মোৰ ওপৰত দিয়া দায়িত্বসমূহ মই পালন কৰিবলৈ চেষ্টা কৰি যাম।'

উল্লেখ্য যে, ৩ আগষ্ট, ২০১৫ত প্ৰধানমন্ত্ৰী মোডী চৰকাৰী বাসগৃহত এন এছ চি এম (আই এম)ৰে হোৱা ঐতিহাসিক ফ্ৰেমৱৰ্ক এগ্ৰিমেন্টৰ স্বাক্ষৰকাৰী আৰ এন ৰবিক নগালেণ্ডৰ কুৰিতম ৰাজ্যপাল হিচাপে নিযুক্তি দিয়াৰ পাছত নগালেণ্ডত এক মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। একাংশ ৰাজ্যবাসীয়ে চৰকাৰৰ এই পদক্ষেপক নগা শান্তি চুক্তিৰ সফল ৰূপায়নৰ দিশত আগবাঢ়িছে বুলি মন্তব্য কৰিছিল যদিও, আন একাংশই আকৌ প্ৰক্ৰিয়াটোক দীঘলীয়া কৰিবলৈ মধ্যস্থতাকাৰী পদৰ পৰা আঁতৰাই আৰ এন ৰবিক ৰাজ্যপাল পদত নিযুক্তি দিয়া বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল।

এইবোৰৰ মাজতে বৃহস্পতিবাৰে নৱনিযুক্ত ৰাজ্যপালগৰাকীয়ে নগা ৰাইজক দিলে এই খবৰ। লগতে তেওঁ নৱপ্ৰজন্মক নগাৰ ভৱিষ্যৎ আৰু সঠিক দিশত আগবাঢ়ি যাবলৈ আহ্বান জনায়। নগাৰ মহিলা আৰু কন্যা সকলকো নগা ৰাইজৰ পৰম শক্তি আখ্যা দিয়ে ৰাজ্যপাল আৰ এন ৰবিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in