‘স্বচ্ছতা হি সেৱা’ অভিযান দেশজুৰি আৰম্ভ, প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপ ডিব্ৰুগড়ৰ এগৰাকী ছাত্ৰীৰ

‘স্বচ্ছতা হি সেৱা’ অভিযান দেশজুৰি আৰম্ভ, প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপ ডিব্ৰুগড়ৰ এগৰাকী ছাত্ৰীৰ

ডিজিটেল ডেস্কঃ 'স্বচ্ছতা হি সেৱা' শীৰ্ষক অভিযান দেশজুৰি শনিবাৰৰপৰা শুভাৰম্ভণি হৈছে। ভিডিঅ' কনফাৰেন্সিংযোগে প্ৰধানমন্ত্ৰীয়ে আৰম্ভ কৰিলে এই অভিযান। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়ৰ ঔফলীয়া গাঁওবাসীৰেও বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

স্বচ্ছতাৰ প্ৰতি লক্ষ্য ৰাখি গাঁওখনৰ যুৱক-যুৱতীসকলে সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে প্ৰতি দেওবাৰে সকলোৱে মিলি পৰিস্কাৰ-পৰিচ্ছন্ন কৰি আহিছিল গাঁওখন৷ প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপ কৰে ডিব্ৰুগড়ৰ এগৰাকী ছাত্ৰীয়ে। ছাত্ৰীগৰাকীৰ নাম জিতুমণি টায়ে।

"স্বচ্ছ ৰেল স্বচ্ছ ভাৰত' মিছনেৰে শনিবাৰে ৰেল বিভাগে লামডিঙতো এক বিশাল সজাগতা সমদল বাহিৰ কৰে৷ শ শ ৰেল কৰ্মীৰ সৈতে বিভিন্ন বিদ্যালয়, ভাৰত স্কাউট এণ্ড গাইড, হিন্দুস্তান স্কাউট এণ্ড গাইড এন চি চিৰ বহু সদস্যই অংশ গ্ৰহণ কৰে। শনিবাৰৰ পৰা ২ অক্টোবৰলৈ প্ৰতিদিনে বিভিন্ন কাৰ্যসূচীৰে ৰেল বিভাগে উদযাপন কৰিব 'স্বচ্ছ মিছন'৷ স্বচ্ছতাৰ ওপৰত সকলোকে সজাগ কৰা তথা স্বচ্ছ পৰিৱেশেৰে স্বচ্ছ সমাজ গঢ়াৰ লক্ষ্যৰে ৰেল বিভাগে সমদলেৰে তেওঁলোকৰ কাৰ্যসূচীৰ আৰম্ভণি কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in