দিদিৰ গুণ্ডাবাহিনীয়ে গুলী আৰু বোমা লৈ বিনাশত নামিছেঃ প্ৰধানমন্ত্ৰী মোডী…

দিদিৰ গুণ্ডাবাহিনীয়ে গুলী আৰু বোমা লৈ বিনাশত নামিছেঃ প্ৰধানমন্ত্ৰী মোডী…

ডিজিটেল ডেস্কঃ উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নিৰ্বাচনী ৰেলীৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পশ্চিমবংগৰ বশিৰহাটত এক জনসভা সম্বোধন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক তীব্ৰ কটাক্ষ কৰে। তেওঁ কয়- পশ্চিমবংগত গণতন্ত্ৰ পুনৰ স্থাপন কৰিবলৈ আপোনালোকৰ সাহস, ইচ্ছাশক্তি সমগ্ৰ দেখেই দেখি আছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লগতে কয়- 'মমতা দিদিৰ গুণ্ডাবাহিনীয়ে গুলী আৰুবোমা লৈ বিনাশত নামিছে। কিন্তু আপোনালোকে সাহসেৰে থিয় হৈ আছে। আপোনালোকৰ এই সাহসেইএদিন মমতা দিদিৰ এই অত্যাচাৰী শাসন গুৰিৰ পৰা উভালি পেলাব।'

মমতা বেনাৰ্জীক পুনৰ সমালোচনা কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়- 'আপুনি লোকতন্ত্ৰৰযি অৱস্থা কৰিছে, মনত পেলাওকচোন, এই লোকতন্ত্ৰই আপোনাক ইমানে মান-সন্মানেৰে ইমানভৰসাৰে মুখ্যমন্ত্ৰীৰ দায়িত্ব আপোনাক দিছিল। আৰু আজি আপুনিয়েই এই লোকতন্ত্ৰক হত্যাকৰিব বিচাৰিছে।'

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in