প্ৰধানমন্ত্ৰী ৰূপে শপত গ্ৰহণ নৰেন্দ্ৰ মোডীৰ… LIVE UPDATES

প্ৰধানমন্ত্ৰী ৰূপে শপত গ্ৰহণ নৰেন্দ্ৰ মোডীৰ… LIVE UPDATES

সন্ধিয়া ৭.২৯ বজাতঃ জয় শংকৰ পাছতেই শপত লয় ৰমেশ নিশালে। হৰিদ্বাৰৰ পৰা এইবাৰ নিৰ্বাচিত হৈছে তেওঁ।

সন্ধিয়া ৭.২৭ বজাতঃ বাদলৰ শপতগ্ৰহণৰ পাছতেই এছ জয় শংকৰৰ শপতবাক্য পাঠ।

সন্ধিয়া ৭.২৪ বজাতঃ দশম স্থানত শপত লয় আকালী দলৰ নেত্ৰী হৰচিমৰত কৌৰ বাদলে। তাৰপাছতেই শপতবাক্য পাঠ কৰে মধ্যপ্ৰদেশৰ বিজেপি ৰাজ্যসভাৰ সাংসদ ধাৱৰ চত গেহলতে।

সন্ধিয়া ৭.২২ বজাতঃ তোমৰৰ পাছতেই কেবিনেট মন্ত্ৰী ৰূপে শপতগ্ৰহণ ৰবিশংকৰ প্ৰসাদৰ।

সন্ধিয়া ৭.২০ বজাতঃ কেবিনেট মন্ত্ৰী ৰূপে শপতবাক্য পাঠ নৰেনসিং তোমৰে।

সন্দিয়া ৭.১৮ বজাতঃ সপ্তম স্থান শপতগ্ৰহণ ৰাম বিলাস পাচৱানৰ।

সন্ধিয়া ৭.১৬ বজাতঃ ষষ্ঠ স্থান শপত লয় নিৰ্মলা সীতাৰমনে।

সন্ধিয়া ৭.১৪ বজাতঃ পঞ্চম স্থানত কেবিনেট মন্ত্ৰী ৰূপে শপত লয় সদানন্দ গোড়াই।

সন্ধিয়া ৭.১২ বজাতঃ কেন্দ্ৰীয় মন্ত্ৰী ৰূপে শপত লয় নীতিন জয়ৰাম গাডকাৰীয়ে। মোডীৰ প্ৰথম কাৰ্যকালত পৰিবহণ মন্ত্ৰী আছিল নীতিন কাডকাৰী।

সন্ধিয়া ৭.১১ বজাতঃ ৰাজনাথ সিঙৰ পাছতেই শপত ল'লে অমিত শ্বাহে।

সন্ধিয়া ৭.০৮ বজাতঃ মোডীৰ পাছতেই শপত লয় পূৰ্বৰ গৃহ মন্ত্ৰী ৰাজনাথ সিঙে।

সন্ধিয়া ৭.০৬ বজাতঃ প্ৰধানমন্ত্ৰী মোডীৰ শপতগ্ৰহণ পাঠ।

সন্ধিয়া ৭.০০ বজাতঃ ৰাষ্ট্ৰপতি ভৱনত উপস্থিত প্ৰধানমন্ত্ৰী মোডী।

সন্ধিয়া ৬.৫৩ বজাতঃ কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীও উপস্থিত হৈছেহি প্ৰধানমন্ত্ৰী মোডীৰ শপতগ্ৰহণ অনুষ্ঠানত। লগতে ৰাষ্ট্ৰপতি ভৱনত উপস্থিত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী।

সন্ধিয়া ৬.৫০ বজাতঃ ৰাষ্ট্ৰপতি ভৱনত উপস্থিত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। ইফালে সুষমা স্বৰাজো আহি উপস্থিত হৈছেহি প্ৰধানমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানত।

সন্ধিয়া ৬.৪৩ বজাতঃ ৰাষ্ট্ৰপতি ভৱনত প্ৰধানমন্ত্ৰী মোডীৰ শপতগ্ৰহণ অনুষ্ঠান অংশ লবলৈ উপস্থিত হৈছেহি অৰবিনন্দ কেজৰিৱাল।

সন্ধিয়া ৬.৩০ বজাতঃ প্ৰধানমন্ত্ৰী মোডীৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত দক্ষিণৰ ছুপাৰষ্টাৰ ৰজনীকান্ত। তেওঁৰ সৈতে ৰাষ্ট্ৰপতি ভৱনত উপস্থিত ৰাথা।

সন্ধিয়া ৬.২৭ বজাতঃ প্ৰধানমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানত অংশ লবৰ বাবে ৰাষ্ট্ৰপতি ভৱনত ইতিমধ্যে উপস্থিত হৈছেহি বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ। লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী মনমোহন সিং আৰু বিজেপিৰ জ্যেষ্ঠ নেতা এল কে আৱৱাণীও উপস্থিত হৈছেহি প্ৰধানমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানত।


সন্ধিয়া ৬.২০ বজাতঃ বিজেপি নেতা নিৰ্মলা সীতাৰমন, গিৰিৰাজ সিঙো উপস্থিত হৈছেহি ৰাষ্ট্ৰপতি ভৱনত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in